উচ্চ ন্যায়ালয়ত গুগলে ক’লে ‘আমি ছার্চ ইঞ্জিনহে, সামাজিক মাধ্যম নহয়’

14google photo

কেন্দ্রীয় চৰকাৰে জাৰি কৰা নতুন তথ্য প্রযুক্তি নিয়মাৱলীৰ প্রসংগত গুগলে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰিলে ।

গুগলে ন্যায়ালয়ৰ দ্বাৰস্থ হৈ নতুন তথ্য প্রযুক্তি আইন ২০২১ৰ পৰা কোম্পানীটোক ৰেহাই দিবলৈ কেন্দ্রীয় চৰকাৰক দাবী জনায়। উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিতে ঘােষণা কৰা নতুন তথ্য প্রযুক্তি নিয়মাৱলী মানি চলিবলৈ দেশৰ সকলাে সামাজিক মাধ্যমক নির্দেশ দিছিল ।

এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰি গুগলে কোম্পানীটোক এই আইন পালনৰ পৰা ৰেহাই দিবলৈ দাবী জনাই কয় যে গুগল এটা ‘ছার্চ ইঞ্জিন’হে আৰু সামাজিক মাধ্যম নােহােৱা হেতুকে কোম্পানীটোৰ ক্ষেত্ৰত এই নতুন আইন প্রযােজ্য হ’ব নালাগে ।

উল্লেখ্য যে এগৰাকী মহিলা আবেদনকাৰীয়ে দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰি গুগলক আপত্তিজনক বিষয় আঁতৰ কৰিবলৈ প্রয়ােজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছিল ।

এই সন্দৰ্ভত আদালতত আত্মপক্ষ সমর্থন কৰি গুগলে কয় যে প্রতিষ্ঠানটো কোনাে সামাজিক মাধ্যম নহয় । গুগলে কেৱল ছার্চ ইঞ্জিন’ হিচাপে সেৱা আগবঢ়ায় বুলি স্পষ্ট কৰি দি প্রতিষ্ঠানটোৰ অধিবক্তাই নতুন তথ্য প্রযুক্তি আইন পালনৰ পৰা গুগলক ৰেহাই দিবলৈ আদালতক অনুৰােধ জনাইছে ।

Exit mobile version