কৰ’নাৰ দ্বিতীয় ঢৌত দিল্লীত ১০৯ গৰাকী ডাক্তৰৰ মৃত্যুঃ আইএম‌এ

কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভাৰতৰ ৬২৪ গৰাকী ডাক্তৰৰ প্ৰাণ কাঢ়ি নিলে । ইণ্ডিয়ান মেডিকেল এছোচিয়েছনে (আইএম‌এ) জনায় যে, আটাইতকৈ বেছি ডাক্তৰৰ মৃত্যু হৈছে ৰাজধানী দিল্লীতে ।

কেৱল দিল্লীতে ১০৯ গৰাকী ডাক্তৰৰ মৃত্যু হৈছে আৰু বিহাৰত ৯৬ গৰাকী । বিগত চাৰি মাহত আটাইতকৈ বেছি কৰ’নাৰ গ্ৰাসত অহা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ । চিকিৎসক প্ৰতিনিধি সংস্থাৰ অনুসৰি, ইতিমধ্যে ৰাজ্যখনত ক’ভিড আক্ৰান্ত হৈ ২৩ গৰাকী ডাক্তৰৰ মৃত্যু হৈছে ।

আইএম‌এ-য়ে দিয়া তথ্য অনুসৰি, অতিমাৰীৰ দ্বিতীয় ঢৌত উত্তৰপ্ৰদেশৰ ৭৯ গৰাকী, ৰাজস্থানৰ ৪৩ গৰাকী, ঝাৰখণ্ডৰ ৩৯ গৰাকী, অন্ধ্ৰপ্ৰদেশৰ ৩৪ গৰাকী, তেলেংগানাৰ ৩২ গৰাকী, গুজৰাটৰ ৩১ গৰাকী ডাক্তৰে ক’ভিড-১৯ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

লক্ষাধিক লোক ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যুও হৈছে । চিকিৎসক, স্বাস্থ্যকৰ্মীসকলে আক্ৰান্ত ৰোগীসকলক অহৰ্নিশাই সেৱা আগবঢ়াইছে ।

অতিমাৰীৰ দ্বিতীয় ঢৌৰ আটাইতকৈ সংকটাপন্ন সময়ছোৱাত অক্সিজেনৰ নাটনিৰ ফলত বহু লোকে প্ৰাণ হেৰুৱায় । বিশেষজ্ঞসকলৰ অনুসৰি, আইচিইউ-ত থকা ক’ভিড ৰোগীসকলৰ মৃত্যুৱে চিকিৎসক, নাৰ্ছসকলকো হাতাশাগ্ৰস্ত কৰি তুলিছে ।

বিশেষকৈ সৰু চহৰ আৰু গ্ৰামাঞ্চলত কম বেতন, দীঘলীয়া শ্বিফ্ট আৰু কৰ্মীৰ নাটনিৰ দৰে অন্যান্য সমস্যাৰ বিষয়েও জনাইছে চিকিৎসকসকলে ।

ক’ভিডৰ দ্বিতীয় ঢৌ সম্প্ৰতি হ্ৰাস পাইছে যদিও, দৈনন্দিন তিনিহেজাৰতকৈও অধিক লোক কৰ’নাত আক্ৰান্ত হৈ আছে । ফলত স্বাস্থ্যসেৱাৰ ওপৰত গভীৰ হেঁচা পৰিছে ।

চিকিৎসকসকলে জনায় যে, ঔষধ আৰু অক্সিজেনৰ অপৰ্যাপ্ত সৰবৰাহৰ বাবে তেওঁলোকে কোন ৰোগীক প্ৰথমে ৰক্ষা কৰিব, তেনে ধৰণৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে ।

ক’ভিড ফিল্ড হাস্পতাল স্থাপনৰ বাবে সহায় কৰা বৰঙণি সংস্থাৰ প্ৰতিষ্ঠাপক ৰবিকান্ত সিঙে কয় যে, তেওঁ বহু নিশা উজাগৰে কটাইছে । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘এইটো চিকিৎসকলৰ বাবে জীৱন পৰিৱৰ্তন কৰি দিয়া পৰিস্থিতি আছিল ।’

তেওঁ লগতে কয় যে, আটাইতকৈ নিকৃষ্টতম বিষয়টো আছিল অক্সিজেনৰ অভাৱত বহু লোকৰ প্ৰাণ ৰক্ষা কৰিব নোৱাৰা ।

Exit mobile version