ধুবুৰীত বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰীসহ দুজনক গ্ৰেপ্তাৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । আজি ধুবুৰী আৰক্ষীৰ দল এটাই ধুবুৰীৰ এ এম কোঃ ৰোড অঞ্চলৰ ইছলাম নগৰত অভিযান চলাই ব্ৰাউন চুগাৰ, কণ্টেইনাৰ, হুকা, কফ চিৰাপ আৰু বিভিন্ন ড্ৰাগছ জাতীয় সামগ্ৰীসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

অভিযোগ অনুসৰি, ইছলাম নগৰ অঞ্চলত ড্ৰাগছৰ পেডলাৰ আৰু ড্ৰাগছ মাফিয়াৰ আড্ডা চলি আছিল । তেনে এক গোপন তথ্যৰ ভিত্তিত আজি ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলাইছিল ।

ধৃত মিৰ চেলিম আৰু ছোহেল শেখৰ পৰা অধিক তথ্য উদ্‌ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ইপিনে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই থকা বুলি উল্লেখ কৰে ধুবুৰী জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই ।

Exit mobile version