পুনৰ এছিয়াৰ দ্বিতীয় ধনাঢ্য ব্যক্তি হ’ল গৌতম আদানী

8a5f5e39 8fc7 4247 81f7 f50e06aef066 f30e1b24

বিশ্বৰ অৰ্বুদপতিসকলৰ তালিকাত এই মুহূর্তত ভাৰতীয় উদ্যোগপতি গৌতম আদানী আৰু চীনৰ ব্যৱসায়ী জং শ্বানশ্বানৰ মাজত এছিয়াৰ দ্বিতীয় সবাতােকৈ ধনাঢ্য ব্যক্তিৰ স্বীকৃতি লাভৰ প্রতিযােগিতা অব্যাহত আছে।

এই প্রতিযােগিতাত শেহতীয়াভাৱে আকৌ এবাৰ সফলতাৰ হাঁহি মাৰিলে আদানীয়ে। বুধবাৰে পুৱা ১১-৪০ বজাত আদানী-শ্বানশ্বানৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল ক্রমে ৭২.৩ আৰু ৭২.৩ বিলিয়ন ডলাৰ।

কিন্তু কেইমিনিটমানৰ পাছতে আদানীৰ সম্পত্তিৰ পৰিমাণ ৭২.১ বিলিয়ন ডলাৰ আৰু শ্বানশ্বানৰ সম্পত্তিৰ পৰিমাণ ৭১.৯ বিলিয়ন ডলাৰ হয়। লগে লগে আদানী গ্রুপৰ অধ্যক্ষ গৌতম আদানী পুনৰ এছিয়াৰ দ্বিতীয়জন সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হ’ল।

আদানী গ্রুপৰ শ্বেয়াৰৰ মূল্য বৃদ্ধিৰ ফলতে আদানীয়ে আকৌ এবাৰ এছিয়াৰ দ্বিতীয়জন ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত হ’ল। ইফালে,এছিয়াৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে তালিকাৰ শীর্ষ স্থানত আছে। ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানী।

Exit mobile version