বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসৰ গোসাইগাঁও পৰিভ্ৰমণঃ গোসাইগাঁও চহৰৰ সামগ্ৰিক উন্নয়নৰ আশ্বাস

WhatsApp Image 2021 06 03 at 3.44.04 PM

বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে আজি গোসাইগাঁও পৰিভ্ৰমণ কৰি চহৰৰ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁ গোসাইগাঁৱত উপস্থিত হৈ পৌৰ নিগমৰ অধ্যক্ষ প্ৰফুল্ল ইছলাৰী আৰু উপাধ্যক্ষ ৰাজীব দেৱনাথক লগত লৈ গোসাইগাঁৱৰ নিৰ্মিয়মান নতুন বজাৰ গৃহসমূহ পৰিদৰ্শন কৰে ৷

গোসাইগাঁও বজাৰৰ সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, নগৰ উন্নয়নৰ বাবে বিটিচি চৰকাৰৰ বহু পৰিকল্পনা আছে ৷ উক্ত পৰিকল্পনাসমূহ সঠিকভাৱে তথা উপযুক্ত স্থানত ৰূপায়ন কৰাৰ উদ্দেশ্য লৈ মই বিটিচিৰ সকলো নগৰ-চহৰ পৰিদৰ্শন কৰি আছো ৷ প্ৰতিটো চহৰত ১৫ বিঘা মাটি সামৰি জিম-ছুইমিং পুলসহ অত্যাধুনিক বজাৰ কমপ্লেক্স বনোৱাৰো পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰি ইতিমধ্য মাটি চোৱা-চিতা চলি আছে বুলি তেওঁ প্ৰকাশ কৰে ৷

সম্প্ৰতি চহৰৰ প্ৰতিটো ৰাস্তা আৰু নলা বনোৱাত অধিক গুৰুত্ব দিয়া হৈছে বুলিও তেওঁ কয় ৷ গোসাঁইগাঁও চহৰৰ ৱাৰ্ড বঢ়োৱাৰ সন্দৰ্ভত তেওঁ কয় যে, ইতিমধ্য ৰাজ্য চৰকাৰৰ ওচৰত প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে ৷ ৰাজ্য চৰকাৰে অনুমোদন দিলেই গোসাঁইগাঁও চহৰৰ ৱাৰ্ড চাৰিটাৰ পৰা আঠ-নটা কৰা হ’ব ৷

আজিৰ ভ্ৰমণ কালত তেওঁৰ লগত থাকে পৰিষদীয় সদস্য সজল কুমাৰ সিংহ আৰু ভাওৰাগুৰি ৰাজহ চক্ৰ বিষয়া চৈতালী দত্তসহ পৌৰ নিগমৰ কৰ্মচাৰী তথা বজাৰ সংলগ্ন অঞ্চলৰ ৰাইজ।

Exit mobile version