‘মেগী’, ‘কিটকেট’ স্বাস্থ্যসন্মত নহয় : স্বয়ং নেচলেয়ে কৰিলে স্বীকাৰ

Screenshot 2021 06

বিশ্বৰ বৃহত্তম খাদ্য প্রস্তুতকাৰক প্রতিষ্ঠান নেচলেৰ উৎপাদিত ‘মেগী’, ‘ কিটকেট’, ‘নেছকাফে’ প্রভৃতি খাদ্য বজাৰত যথেষ্ট জনপ্রিয়।

কিন্তু কিমান নিৰাপদ এইসমূহ পেকেটত উপলব্ধ খাদ্য দ্রব্য ? কোনাে খাদ্য সংস্থা বা চৰকাৰী দাবী নহয়, স্বয়ং উৎপাদক সংস্থা নেচলেয়ে প্রকাশ কৰা মতে, কোম্পানীটোৰ ৬০ শতাংশৰ অধিক খাদ্য আৰু পানীয় তথাকথিত ‘স্বাস্থ্যকৰ খাদ্যৰ অন্তর্ভুক্ত নহয়।

ইয়াৰ পূর্বেও প্রতিষ্ঠানটোৱে প্ৰস্তুত কৰা ‘মেগী’ক কেন্দ্ৰ কৰি এক বিতর্ক সৃষ্টি হৈছিল। আকৌ এবাৰ মেগীসহ নেচলেৰ উৎপাদিত খাদ্যৰ গুণমান সন্দৰ্ভত প্রশ্ন উত্থাপিত হ’ল।

নেচলেয়ে জনােৱা মতে, তেওঁলােকৰ দ্বাৰা উৎপাদিত খাদ্য সামগ্রী পুষ্টিকৰ উপাদানৰ সন্ধান চলাই নতুনকৈ বিষয়টোৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হ’ব।

স্বাস্থ্যকৰ আৰু সুস্বাদু খাদ্য তৈয়াৰ কৰাৰ ক্ষেত্ৰত কোম্পানীটোৱে অগ্রাধিকাৰ দি আহিছে বুলিও নেচলেয়ে দাবী কৰে।

দ্য ফাইনেন্সিয়েল টাইমছ’ত প্রকাশিত এক প্রতিবেদনত নেচলেৰ উৎপাদিত খাদ্য সামগ্রীৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য পােহৰলৈ আহিছে।

সংবাদপত্রখনত উল্লেখ কৰা মতে, নেচলেয়ে উৎপাদন কৰা মাত্র ৩৭ শতাংশ খাদ্য আৰু পানীয়হে প্রস্তুতকৰণৰ ৰেটিং ৩.৫। কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে নেচলে উৎপাদিত খাদ্য সামগ্ৰীৰ বৃহৎ বজাৰ আছে আৰু কোম্পানীটোৰ সবাতােকৈ জনপ্রিয় উৎপাদন হৈছে ‘মেগী’।

জনপ্রিয়তাৰ দ্বিতীয় স্থানত আছে ‘নেছকেফে’। এই ধৰণৰ খাদ্য আৰু পানীয়ৰ ৬০ শতাংশই স্বাস্থ্যসন্মত নহয় বুলি স্বয়ং নেচলেয়ে স্বীকাৰ কৰিলে।

Exit mobile version