পুৰুষৰ তুলনাত ভাৰতত টিকা লােৱা মহিলাৰ সংখ্যা কম : সমীক্ষাৰ তথ্য

images

মহিলাৰ তুলনাত ভাৰতত পুৰুষৰ টিকাকৰণৰ হাৰ অধিক হৈছে। যােৱা ১০ এপ্রিলত টিকাকৰণৰ হাৰৰ এই পার্থক্য আছিল দুই শতাংশৰ তলত।

কিন্তু মাত্র দুসপ্তাহতে টিকাকৰণৰ ক্ষেত্ৰত পুৰুষ-মহিলাৰ পাৰ্থক্যৰ হাৰ বৃদ্ধি পাই ১২ শতাংশ হ’ল। যােৱা ছয় মে’ত টিকাকৰণৰ পাৰ্থক্যৰ এই হাৰ পুনৰ ২৪ শতাংশলৈ বৃদ্ধি পাইছিল।

সমীক্ষাৰ তথ্য অনুসৰি, দেশত ক’ভিডৰ দ্বিতীয় ঢৌৰ আগমনৰ পাছত মানুহৰ মাজত টিকাকৰণৰ প্ৰতি আগ্রহ বৃদ্ধি পাইছে। কিন্তু, মহিলাৰ তুলনাত ভাৰতত টিকাকৰণৰ প্রতি পুৰুষসকলে অধিক আগ্রহ প্রকাশ কৰিছে।

আই চি এম আৰৰ গৱেষক মন গংগাখেদাৰে প্ৰকাশ কৰা মতে, পুৰুষ আৰু মহিলাৰ মাজত টিকাকৰণৰ এই পার্থক্য হৈছে লিংগ বৈষম্যৰে এক উদাহৰণ।

পৰিসংখ্যা অনুসৰি, চত্তিছগড়, কর্ণাটক, হিমাচল প্রদেশ আৰু কেৰালাত মহিলাৰ মাজত টিকাকৰণৰ হাৰ অধিক। কিন্তু তামিলনাড়ুত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা অধিক হােৱাৰ পাছতাে টিকা গ্ৰহণৰ ক্ষেত্ৰত পুৰুষতকৈ বহু পিছপৰি আছে মহিলাসকল।

Exit mobile version