বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে অপৈনত শাল গছ কাটিলে দুৰ্বৃত্তই

WhatsApp Image 2021 06 04 at 1.05.36 PM

বনজ সম্পদ ৰক্ষাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাৰ বন বিভাগ। দিনে নিশাই বনজ সম্পদ ধংস কৰি একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে ৰমৰমীয়া বেহা।

ADVERTISEMENT

এইবাৰ দুষ্কৃতিকাৰীয়ে অপৈনত শাল গছ কাটিলে বন্দাপাৰা ৰেঞ্জৰ এলেকাত। ৰাজাপাৰাত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে বহু কেইডাল অপৈনত শাল গছ কাটিলে দুৰ্বৃত্তই।

সাধাৰণ মুনাফাৰ বাবে এইদৰে ধ্বংস কৰা হয় বনানী। বন্দাপাৰা বন ৰেঞ্জৰ অন্তৰ্গত এলেকাত কিছু পুৰঠ হৈ উঠিলেই দুৰ্বৃত্তৰ চকু পৰে গছত। ৰাজাপাৰাত ঘাইপথৰ দাঁতিতে গছ ধ্বংস কৰা ঘটনাক একেবাৰে সহজভাৱে গ্ৰহণ কৰিছে বন বিভাগে।

বহু কেইডাল অপৈনত শাল গছ কটা হৈছে যদিও দুই-এডাল গছ ধ্বংস কৰা বুলি দায় সামৰিছে বন বিভাগৰ বিষয়াই। ইফালে কটা গছত যাতে সচেতন লোকৰ চকু নপৰে তাৰ প্ৰতিহে নজৰ দিছে বন বিভাগে।

কটা গছৰ গুৰিত জাৱৰ-জোথৰ ঢাকি যেন দায়িত্ব পালন কৰিছে বন বিভাগে।

Exit mobile version