কৰ্তব্যত অবিচল, কাশ্মীৰৰ প্ৰত্যন্ত অঞ্চলত প্ৰতিষেধক দিবলৈ খোজকাঢ়ি নদী পাৰ কৰিছে স্বাস্থ্যৰকৰ্মীসকলে

প্ৰত্যন্ত অঞ্চলৰ লোকসকলকো দিব লাগিব ক’ভিড প্ৰতিষেধক । পথ যিমানেই দুৰ্গম হ‌ওক নিজৰ কৰ্তব্যত অবিচল তেওঁলোক । সেয়ে খোজকাঢ়িয়ে নদী পাৰ কৰিছে তেওঁলোকে । প্ৰতিষেধক দিবৰ বাবে স্বাস্থ্যকৰ্মীসকলে খোজকাঢ়ি নদী পাৰ হোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি এই নিষ্ঠাক অভিবাদন জনাইছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ।

তথ্য অনুসৰি, তেওঁলোকে শুকুৰবাৰে কাশ্মীৰৰ ৰাজৌৰি জিলাৰ প্ৰত্যন্ত অঞ্চলত টিকাকৰণ কৰিবৰ বাবে গৈছিল । ৰাজৌৰি জিলাৰ কাঁদি ব্লকৰ মেডিকেল অফিচাৰ ইকবাল মালিকে এই বিষয়ত সংবাদ মাধ্যমৰ আগত কয়, ‘দুৰ্গম আৰু প্ৰত্যন্ত অঞ্চলত চিকিৎসা সেৱা লাভ কৰা কঠিন । তেনে অঞ্চলৰ এশ শতাংশ বাসিন্দাক ক’ভিড প্ৰতিষেধক দিবলৈ লক্ষ্য কৰা হৈছে ।’

ভিডিঅ’টোত দেখা গৈছে, দুগৰাকী মহিলা আৰু এজন পুৰুষে নদী পাৰ হৈছে । নদীখনত আঠুলৈকে পানী আছে । সেই নদী পাৰ কৰিছে তেওঁলোকে । নদীৰ স্ৰোতৰ ৰক্ষা পাবলৈ ইজনে সিজনৰ হাত ধৰি পাৰ হৈছে তেওঁলোকে । ইয়াৰ পাছত আৰু দুজন স্বাস্থ্যকৰ্মীক প্ৰতিষেধকৰ বাকচ লৈ নদী পাৰ হোৱা দেখা যায় ।

Exit mobile version