চিৰাঙৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড প্ৰসুতি ৰোগীৰ সফল সন্তান প্ৰসৱ

চিৰাঙৰ কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ত সফলতা । চিকিৎসালয়খনত যোৱা নিশা জিলাখনৰ ৰুনিখাতাৰ এগৰাকী ক’ভিড প্ৰসুতি ৰোগিক সফলভাৱে সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয় চিকিৎসকসকল ।

জেএচবি অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ডৰ চিকিৎসকসকলৰ সফলতা এয়া । ক’ভিড আক্ৰান্ত ৰোগীয়ে প্ৰসৱ কৰিলে ক’ভিড মুক্ত সন্তান ।

সম্প্ৰতি প্ৰসুতি মাতৃ আৰু সন্তান দুয়োজনেই সুস্থ থকা বুলি জনায় কাজলগাঁও জেএচবি অসামৰিক চিকিৎসালয়ৰ প্ৰশাসক গৌতম মহিলাৰীয়ে ।

Exit mobile version