জিন্ছ-টি ছাৰ্টৰ পৰিৱর্তে কেৱল ফর্মেল’ পােছাক পিন্ধিব চি বি আয়ে

941208 subodh jaiswal cbi

এতিয়াৰে পৰা কেন্দ্রীয় তদন্তকাৰী সংস্থা (চি বি আই)ৰ বিষয়া অথবা কৰ্মচাৰীয়ে জিন্ছ, টি ছার্ট আৰু স্প’ৰ্টছ জোতা পৰিধান কৰিব নােৱাৰিব।

কর্তব্যৰত অৱস্থাত চি বি আইৰ বিষয়া-কর্মীয়ে নির্দিষ্ট পােছাক বিধি মানি চলিব লাগিব। চি বি আইৰ নতুন সঞ্চালক সুবােধ কুমাৰ জয়ছােৱালে দায়িত্ব গ্রহণৰ পাছত কর্তব্যৰত অৱস্থাত তদন্তকাৰী সংস্থাৰ বিষয়া-কৰ্মীৰ বাবে পােছাক বিধি নির্দিষ্ট কৰি দিলে।

জয়ছােৱালে নির্দেশ দি কয় যে সংস্থাটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত কেৱল ফর্মেল’ পােছাকহে পিন্ধিব পাৰিব। কার্যালয়ৰ লগতে কৰ্তব্যৰত অৱস্থাত কোনাে বিষয়া-কৰ্মীয়ে জিনছ, টি ছার্ট আৰু স্পৰ্টছ জোতা পিন্ধিব নােৱাৰিব।

পুৰুষ বিষয়া-কৰ্মীয়ে ফর্মেল ছার্ট, পেন্ট আৰু জোতা পিন্ধিব লাগিব। আনহাতে, মহিলা কর্মী-বিষয়াই শাড়ী, চুৰিডাৰ-কামিজ অথবা আন ফর্মেল পােছাক পিন্ধিব লাগিব। উল্লেখ্য যে যােৱা বুধবাৰে জয়ছােৱালে কেন্দ্রীয় তদন্তকাৰী সংস্থাটোৰ ৩৩ সংখ্যক সঞ্চালক হিচাপে দায়িত্ব গ্রহণ কৰিছিল।

Exit mobile version