তামিলনাডুৰ তলাবন্ধৰ সময়সীমা বৃদ্ধি, ১৪ জুনলৈ অব্যাহত থাকিব এই সময়সীমা

TamilNadu Lockdown PTI 3062021 1200

তামিলনাডুত তলাবন্ধৰ সময়সীম পুনৰ আৰু এক সপ্তাহলৈ বৃদ্ধি । ৰাজ্যখনত ১৪ জুনলৈকে অব্যাহত থাকিব তলাবন্ধ। অৱশ্যে ইয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী এম কে ষ্টালিনে কিছুমান ৰেহাই দিয়াৰ সিদ্ধান্ত লৈছে।

তামিলনাডু চৰকাৰে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে চুবুৰীয়াৰ ভিতৰত খুচুৰা দোকান, পাচলি, ফল, ফুল আৰু মাংসৰ দোকান পুৱা ছয় বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ খোলা থাকিব। মাছৰ বজাৰকো ৰেহাই দিয়া হৈছে।

তথ্য অনুসৰি চৰকাৰী কাৰ্যালয়সমূহ ৩০ শতাংশ কৰ্মচাৰীৰ স’তে চলিব পাৰে। ইয়াৰ উপৰিও মেচবক্স নিৰ্মাণ কাৰখানাত ৫০শতাংশ কৰ্মীয়ৰ অনুমতি দিয়া হৈছে।

তামিলনাডুৰ কিছুমান জিলাত ইলেক্ট্ৰনিক সঁজুলি, কিতাপ, হাৰ্ডৱেৰ দোকান খোলাৰ অনুমতি দিয়া হৈছে। তামিলনাডু চৰকাৰে ই-পঞ্জীয়ন থাকিলে সেই ঠাইবোৰত টেক্সি আৰু অটো চলাবলৈ অনুমতি দিছে।

Exit mobile version