ভয়াৱহ খাদ্য সংকটত উত্তৰ কোৰিয়া, ক্ষুধাত মৃত্যু হ’ব পাৰে লক্ষাধিক

TELEMMGLPICT000212458330 trans NvBQzQNjv4BqF9BD fYQB0teZOF4IslN2YeaWVVFN

কৰ’না ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়তে উত্তৰ কোৰিয়াত ভয়াৱহ খাদ্য সংকটে দেখা দিছে। প্রকাশিত বাতৰি অনুসৰি কীম জং উন শাসিত কমিউনিষ্ট দেশখনত সম্প্রতি ১.২ মেট্রিকটন খাদ্য শস্যৰ অভাৱ ঘটিছে।

পূৰ্বৰে পৰা পৰিপুষ্টিহীনতা আৰু অন্যান্য ৰােগৰ স’তে সংগ্রাম কৰি অহা উত্তৰ কোৰিয়াবাসীৰ সন্মুখত এতিয়া খাদ্য সংকটে ভয়াৱহ ৰূপ লৈছে। এই খাদ্য সংকটৰ সমস্যা সমাধান কৰাটো দেশখনৰ স্বেচ্ছাচাৰী শাসকজনৰ বাবে সহজ নহ’ব।

দক্ষিণ কোৰিয়াৰ থিংক টেংক কোৰিয়া ডেভেলপমেন্ট ইনষ্টিটিউটে উত্তৰ কোৰিয়াৰ খাদ্য সংকটৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিছে। ‘দ্য টেলিগ্রাফ’ৰ এক বাতৰি অনুসৰি, উত্তৰ কোৰিয়াত সম্প্রতি এক বৃহৎসংখ্যক জনসংখ্যাই দুবেলা দুমুঠি খাদ্য লাভ কৰিবলৈ অসমৰ্থ হৈছে।

এই প্রতিবেদনতে শংকা প্রকাশ কৰা মতে, দেশখনত খাদ্য শস্যৰ এই সংকট দীর্ঘদিন অব্যাহত থাকিলে উত্তৰ কোৰিয়াত ক্ষুধাত লক্ষাধিক লােকৰ মৃত্যু হ’ব পাৰে। খাদ্য দ্রব্যৰ অত্যধিক মূল্যবৃদ্ধিত অতিষ্ঠ উত্তৰ কোৰিয়াবাসীয়ে খাদ্য ক্ৰয়ৰ বাবে ঘৰৰ বিভিন্ন সা-সম্পত্তিও বিক্রী কৰিবলৈ বাধ্য হৈছে।

প্রতিবেদনৰ তথ্য অনুসৰি,উত্তৰ কোৰিয়াত যােৱা বছৰত চাৰি নিযুত টন খাদ্য শস্যৰ উৎপাদন হৈছিল, কিন্তু দেশখনৰ জনসংখ্যাৰ বাবে কমেও ৫.২ নিযুতটন খাদ্য শস্যৰ প্রয়ােজন। উত্তৰ কোৰিয়াৰ ২৬ নিযুত জনসংখ্যাৰ বাবে ১.২ নিযুত টন খাদ্য শস্যৰ অভাৱ ঘটিছে।

যােৱা বছৰত দেশখনৰ বৃহৎ কৃষিখণ্ড বান আৰু ধুমুহাৰ দৰে প্রাকৃতিক দুর্যোগত যথেষ্ট ক্ষতিগ্রস্ত হৈছিল আৰু ইয়াৰে পৰিণতিত এতিয়া উত্তৰ কোৰিয়াবাসীয়ে খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

Exit mobile version