১৫ জুলাইৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব পাৰে নামভর্তি প্রক্রিয়া

1594406900 delhiu

অহা ১৫ জুলাইৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত নতুন শিক্ষাবর্ষৰ বাবে নামভর্তি আৰম্ভ হ’ব পাৰে। বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী উপাচার্য পি চি যােশীয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি জনােৱা মতে, দ্বাদশ শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা বাতিল হােৱাৰ ফলত দিল্লী বিশ্ববিদ্যালয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পঞ্জীয়ন প্রক্রিয়া ১৫ জুলাইৰ আশে-পাশে আৰম্ভ কৰিব।

ADVERTISEMENT

উপাচার্যজনে লগতে কয় যে নামভর্তি প্রক্রিয়াৰ সময়ত সকলাে ব’ৰ্ডৰ অধীনস্থ ছাত্র-ছাত্রীয়ে সমান সুযােগ লাভ কৰিব। বিশ্ববিদ্যালয়ৰ স্নাতক নামভর্তি প্রক্রিয়া দ্বাদশ শ্রেণীৰ ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফলৰ আধাৰত সম্পন্ন কৰা হয়। এনে পৰিস্থিতিত কোনাে ব’ৰ্ডৰ পৰীক্ষাৰ ফলাফল ঘােষণাত পলম হ’লে দিল্লী বিশ্ববিদ্যালয়ে নামভৰ্তিৰ প্রক্রিয়া কিছুদিনৰ বাবে বৃদ্ধি কৰিব বুলিও উপাচার্যজনে জানিবলৈ দিয়ে।

Exit mobile version