অৰুনাচলত পথ নিৰ্মাণৰ কামত যোৱা চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ দুজন নিহত

শুই থকা অৱস্থাতে হাইড্ৰাই মহটিয়াই নিলে ঘৰখন

অৰুনাচল আপাৰ আপাৰসিং জিলাৰ পথ নিৰ্মাণৰ কামত নিয়োজিত চিৰাঙৰ শ্ৰমিক পৰিয়ালৰ কৰুণ মৃত্যু । তথ্য অনুসৰি চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত ২নং আব্দাগুৰি গাঁৱৰ বাসিন্দা আমজাদুৰ ৰহমান অৰুণাচলৰ আপাৰসিং জিলাৰ ফুৰুং (টুটিং) চলি থকা পথ নিৰ্মাণৰ কামত পৰিয়ালসহ কাম কৰিবলৈ গৈছিল ।

শনিবাৰে পুৱা পৰিয়ালটো শুই থকা অৱস্থাতে হাইড্ৰাই পথৰ দাঁতিতে থকা এখন ঘৰ মহটিয়াই নিয়াত দুজন নিহত হয় । নিহত দুজন ক্ৰমে আমজাদুৰ ৰহমানৰ পত্নি মাছুদা খাতুন(২১) আৰু তেওঁৰ চাৰি বছৰীয়া সন্তান মাজিদুৰ ৰহমান(৪) ।

ঘৰত শুই থকা অৱস্থাতে হাইড্ৰাই মহটিয়াই নিয়ে । অতিকে দৰিদ্ৰ পৰিয়ালটি এতিয়া নিঠৰুৱা । দুজন লোকৰ মৃত্যুক লৈ চিৰাঙৰ আব্দাগুৰি গাঁৱত চাঞ্চল্যৰ সৃষ্টী হৈছে ।

চিৰাঙৰ পানবাৰী আঞ্চলিক এবিএমছুয়ে অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক দাবী জনায় দৰিদ্ৰ পৰিয়ালটিক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ বাবে আৰু মৃতদেহ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ বাবে ।

Exit mobile version