গ্ৰেপ্তাৰ ‘নাগিন’-ৰ অভিনেতা, ষড়যন্ত্র বলিৰ দাবী সহকর্মীৰ

3d4aaf28 c5cf 11eb af02 ec1f4e47499e 1622893943221

১৭ বছৰীয়া এগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগ উঠিছে অভিনেতা পাৰ্ল ভি পুৰীৰ বিৰুদ্ধে । ‘নাগিন’,বেপনাহ পিয়াৰ’, ফিৰ ভি না মানে বদতমিজ দিল’খ্যাত অভিনেতাজনক মুম্বাই আৰক্ষীয়ে পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

সামাজিক মাধ্যমত হিন্দী টেলিভিছনৰ একাধিক শিল্পী অভিনেতাজনৰ পক্ষে সৰৱ হৈ উঠিছে ।

মুম্বাই আৰক্ষীৰ ডিচিপি সঞ্জয় পেটেলে কয় যে ঘটনাটো বহু বছৰ আগৰ কথা। কিন্তু কিশোৰীগৰাকী আৰু তেওঁৰ মাতৃয়ে অলপতে এটা ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। ভাৰতীয় দণ্ডবিধি আৰু পকচো (শিশুৰ যৌন নিৰ্যাতনৰ সুৰক্ষা) আইনৰ ধাৰা ৩৭৬ (ধৰ্ষণ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। ভাচাই আদালতৰ নিৰ্দেশত পাৰ্লক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

নাগিন ৩ ত, পাৰ্লৰ সহ-অভিনেত্ৰী অনিতা হাসনান্দানীয়ে তেওঁৰ পক্ষে লিখিছে, ‘মই টোপনিৰ পৰা সাৰ পাই এই অৰ্থহীন ঘটনাটো শুনিছিলো। মই পাৰ্লক ভালদৰে জানো। সেইটো সঁচা নহয়। সঁচা হ’ব নোৱাৰে। এয়া সকলো মিছা। মই নিশ্চিত যে ইয়াত একাধিক নজনা বস্তু আছে। সকলোবোৰ অতি সোনকালে ওলাই আহিব’।

অভিনেত্ৰী আৰু পাৰ্লৰ বন্ধু কৰিশ্মা তান্নাই কয় যে ‘বেপানাহ পেয়াৰ’ ধাৰাবাহিকখনত অভিনয় কৰাৰ সময়ত এটা ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ ষড়যন্ত্ৰৰ বলি হৈছে বুলি দাবী কৰে অভিনেত্ৰীগৰাকীয়ে।

কৰিশ্মাই এটা দীঘলীয়া প’ষ্টত লিখিছে, ‘ধাৰাবাহিকখনত আন এগৰাকী অভিনেত্ৰী একতা শৰ্মা ঘটনাটোত জড়িত হৈ আছে। একতাৰ সেই সময়ত বিবাহ বিচ্ছেদ হৈছিল। এদিন একতাৰ ছোৱালী ছেটলৈ আহিছিল আৰু পাৰ্লৰ স’তে এখন ফটো তুলিছিল। তেওঁৰ ছোৱালী পাৰ্লৰ অনুৰাগী আছিল। কিন্তু সেই ফটো তোলাক কেন্দ্ৰ কৰি একতাৰ প্ৰাক্তন স্বামীয়ে সমস্যাৰ সৃষ্টি কৰিছিল।

মানুহজনে যিকোনো ধৰণে ধাৰাবাহিকখনৰ কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ সিদ্ধান্ত লয়। গতিকে মই জানো যে ধৰ্ষণ সম্পূৰ্ণৰূপে মিছা’।

Exit mobile version