বেংক একাউন্টৰ স’তে আধাৰ সংযুক্ত কৰিলেনে ?

bank 1

স্কুলত পঢ়ি থকা ছাত্ৰজনৰ পৰা আৰম্ভ কৰি বেংকৰ উপভােক্তালৈ, বর্তমান সময়ত যিকোনাে দৰকাৰী কামতে ব্যৱহাৰ হােৱা আৰু সকলাে বয়সৰ ব্যক্তিৰ বাবে এখন অতিশয় প্রয়ােজনীয় নথি হৈছে আধাৰ কার্ড।

আন নালাগে, এদিনীয়া নৱজাতককো বহু ক্ষেত্ৰত দৰকাৰ হােৱা হৈছে এই জৰুৰী নথি। আনহাতে প্রধানমন্ত্রী কিষান সন্মান নিধি, এলপিজিৰ ৰাজসাহায্য আদিৰ দৰে বিভিন্ন চৰকাৰী আঁচনিৰ সাহায্য পাবলৈ হ’লে কেৱল আধাৰ কাৰ্ডখন থাকিলেই নহয় আজিকালি, ইয়াক আপুনি নিজৰ বেংক একাউণ্টৰ স’তে সংযুক্ত কৰাটোও বাধ্যতামূলক হৈ পৰিছে ।

এনে পৰিস্থিতিত, কোনাে এক বেংকৰ গ্রাহক বা আধাৰকার্ডধাৰীজনে প্রথমে নিজেই নিশ্চিত হৈ লােৱাটো জৰুৰী যে তেওঁৰ আধাৰ নম্বৰটো বেংক একাউণ্টৰ স’তে সংযুক্ত হৈ আছে নে নাই। বহু সময়ত উপভােক্তাই আধাৰ সংযুক্তিকৰণৰ বাবে প্রয়ােজনীয় সকলাে প্রক্রিয়া সম্পূর্ণ কৰাৰ পাছতাে সংযুক্তিকৰণৰ ষ্টেটাছ বা স্থিতি জনা নাযায় আধৰুৱা হৈ থকা বুলি দেখুৱায়।

এনে পৰিস্থিতিত আধাৰকার্ডধাৰী ব্যক্তি এজনৰ এই সমস্যা সমাধানৰ বাবে আধাৰ কর্তৃপক্ষ (UIDAI) ই সম্প্রতি এক সহজ উপায় দিছে। কৰ’না কালত যাতে বাহিৰলৈ ওলাই নােযােৱাকৈয়ে ঘৰতে বহি সংযুক্তিকৰণৰ ষ্টেটাছ জানিব পাৰে তাৰ বাবে এতিয়াৰে পৰা আধাৰ।

কর্তৃপক্ষই জাৰি কৰা resident.uidai.gov.in/ bank-mapper লিংকটোত ক্লিক কৰিয়ে সহজতে সবিস্তাৰে লাভ কৰিব পাৰিব সকলাে তথ্য। নিকটৱর্তী আধাৰ কেন্দ্ৰলৈ যােৱাৰাে প্রয়ােজন নাথাকিব। অৱশ্যে এই সুবিধা পাবলৈ হ’লে আধাৰকার্ডধাৰী ব্যক্তিজনৰ ম’বাইল নম্বৰ পূৰ্বৰে পৰা পঞ্জীয়নভুক্ত হ’ব লাগিব।

বেংক আৰু আধাৰ কাৰ্ডৰ সংযুক্তিকৰণৰ ষ্টেটাছ বা স্থিতি জানিবলৈ হলে উপভােক্তাই প্রথমতে_https: resident.uidai.gov.in bank-mapper লিংকটোত ক্লিক কৰি নিজৰ ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰটো তাত জমা দিব লাগিব। তাৰ পাছত ছিকিউৰিটী কোড লিখি Send OTP অপছনত ক্লিক কৰিলে উপভােক্তাজনৰ পঞ্জীয়নভুক্ত ম’বাইল নম্বৰলৈ এটা অটিপি যাব।

উক্ত অটিপি লিখি ছাবমিট অপছনত ক্লিক কৰিলেই উপভােক্তাৰ আধাৰ কাৰ্ড আৰু বেংকৰ সংযুক্তিকৰণৰ ষ্টেটাছ স্ক্রীনত দেখিবলৈ পাব।

Exit mobile version