সন্তানৰ উজ্জ্বল বিত্তীয় ভৱিষ্যৎ গঢ়াৰ বাবে এছ বি আইৰ এই দুই আঁচনিৰ সহায় লওক

sbi banbk 1575953914

নিজ সন্তানৰ বিত্তীয় ভৱিষ্যৎ সুনিশ্চিত কৰাৰ বাবে কম-বেছি পৰিমাণে আজিকালি সকলাে অভিভাৱকে সন্তানটোৰ জন্মৰ পাছৰ পৰাই পৰিকল্পনা কৰে। সুকন্যা সমৃদ্ধিৰ পৰা আৰম্ভ কৰি এলআইচিৰ নিউ চিলড্রেন্স মানি বেক প্লেনলৈ বিভিন্ন আঁচনিৰ আওতাত ধন বিনিয়ােগ কৰি অভিভাৱকে সন্তানৰ উপযুক্ত বয়সত উচ্চ শিক্ষা বা বিয়া-বাৰুৰ নামত মােটা অংকৰ ধন লাভ কৰাৰ দিহা কৰিব পাৰে।

আনহাতে, এইবােৰৰ উপৰি বিভিন্ন বেংকৰ অধীনত সন্তানৰ নামত সঞ্চয় একাউন্ট খুলিও ভৱিষ্যতৰ বাবে কিছু চিন্তামুক্ত হৈ থাকিব পাৰে অভিভাৱকসকল। এই ক্ষেত্ৰত বিশেষভাৱে নাম ল’ব পাৰি ভাৰতীয় ষ্টেট বেংকৰ পেহলা কদম’ আৰু ‘পেহলি উড়ান’ নামৰ সঞ্চয় আঁচনিৰ। ভাৰতীয় ষ্টেট বেংকৰ এই দুই আঁচনিৰ প্ৰধান সুবিধাটো এই যে উভয় আঁচনিৰ বাবেই অনলাইনযােগে আবেদন কৰিব পৰা যায়।

অর্থাৎ নাবালকসকলৰ বাবে অনলাইনযােগেও ‘পেহলা কদম’ আৰু ‘পেহলি উড়ান’ নামৰ এই জমা একাউন্ট দুটা খােলাৰ সকলাে সুবিধা লাভ কৰিব পাৰে অভিভাৱকে। আপুনিও যদি আপােনাৰ সন্তানৰ বাবে এই ধৰণৰ একাউন্ট খুলিব বিচাৰে, তেন্তে তাৰ আগতে দেশৰ সর্ববৃহৎ বেংকটোৱে আগবঢ়োৱা বিভিন্ন নিয়ম তথা সা-সুবিধাৰ বিষয়ে জানি থওঁকচোন…

পেহলা কদম

এই আঁচনিৰ আওতাত নাবালক সন্তানৰ স’তে অভিভাৱকে যৌথ। একাউন্ট খুলিব পাৰে। যদিও শিশুৰ নামত এই বেংক একাউন্ট খােলা হয়, ইয়াত এটিএম তথা ডেবিট কার্ডৰ সুবিধাও থাকে। অর্থাৎ এই কার্ড সন্তান আৰু অভিভাৱকৰ উভয়ৰ নামতে জাৰি কৰা হয়।

কার্ড ব্যৱহাৰ কৰি অভিভাৱকে প্রয়ােজনবশতঃ এদিনত সর্বাধিক পাঁচ হেজাৰ টকালৈ উলিয়াব পাৰে। কেৱল এয়াই নহয়, পেহলা কদমৰ উপভােক্তাই ম’বাইল বেংকিং আৰু ইণ্টাৰনেট বেংকিঙৰাে সুবিধা আদায় কৰিব পাৰে। ম’বাইল বেংকিঙৰ মাধ্যমেদি দৈনিক দুহেজাৰ টকাকৈ আৰু ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেদি দৈনিক পাঁচ হেজাৰ টকাকৈ লেনদেন কৰিব পৰা যায়। লগতে অভিভাৱকে ব্যক্তিগত দুর্ঘটনা বীমা কভাৰেজো লাভ কৰে এই আঁচনিত।

পেহলি উড়ান

এনে একাউন্ট যিকোনাে অভিভাৱকে তেওঁলােকৰ ১০ বছৰৰ অধিক বয়সৰ যিকোনাে নাবালক শিশুৰ বাবে খুলিব পাৰে। ইয়াত চৰ্ত মাথোঁ এটাই শিশুটিয়ে নিজে নিজৰ চহী কৰিব পাৰিব লাগিব। এনে একাউন্ট শিশুটিয়ে ইচ্ছা কৰিলে অকলেও চলাব পাৰে। অইন সাধাৰণ জমা একাউণ্টৰ দৰে এই আঁচনিতাে এটিএম তথা ডেবিট কার্ডৰ সুবিধা আছে। এই ধৰণৰ কার্ড ব্যৱহাৰ কৰি দৈনিক পাঁচ হেজাৰ টকালৈ ধন উলিয়াব পাৰে উপভােক্তাই।

লগতে আছে ম’বাইল বেংকিঙৰ সুবিধাও। অভিভাৱকে এনে একাউণ্টলৈ প্রতিদিনে সর্বাধিক দুহেজাৰ টকালৈ স্থানান্তৰ কৰিব পাৰে। লগতে এই একাউণ্টৰ মাধ্যমেদি বিভিন্ন ধৰণৰ বিল পৰিশােধ কৰিব পৰা যায়। আনহাতে, ইণ্টাৰনেট বেংকিঙৰ মাধ্যমেদি ‘পেহলি উড়ান’ সঞ্চয় একাউণ্টৰ পৰা প্রতিদিনে পাঁচ হেজাৰ টকালৈ স্থানান্তৰ কৰিব পৰা যায়। উল্লেখ্য যে পেহলি উড়ানত চেকবুকৰ সুবিধা থাকিলেও কোনাে অভাৰড্রাক্টৰ সুবিধা লাভ নকৰে নাবালকে।

Exit mobile version