কৰ’না আক্রান্তৰ বাবে দুৱাৰ খুলিলে মন্দিৰে, শিৰ্ডিৰ সাইবাবা মন্দিৰৰ দান সংগ্রহৰ পৰিমাণ ৮৩ শতাংশ হ্রাস

939724 sai baba temple

কৰ’না মহামাৰীত দেশৰ কেবাখনাে আগশাৰীৰ তীর্থস্থানে আক্রান্ত ৰােগীৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিলে। একাংশ মন্দিক চিকিৎসালয়লৈ পৰিৱৰ্তন কৰা হ’ল আৰু আন একাংশ মন্দিৰে ক’ভিড কেয়াৰ চেণ্টাৰ মন্দিৰ চৌহদৰ ভিতৰত মুকলি কৰিছে।

শির্ডি ন্যাসে যােৱা বছৰৰ তুলনাত এই বছৰত ৮৩ শতাংশ কম দান-বৰঙণি লাভ কৰিছে। কিন্তু মন্দিৰ ন্যাসে সেৱা প্ৰদানৰ ক্ষেত্ৰত কোনাে কার্পণ্য প্রদর্শন কৰা নাই। শির্ডি ন্যাসৰ দ্বাৰা পৰিচালিত হাস্পতালত এতিয়ালৈকে সাত হেজাৰৰাে অধিক কৰ’না আক্রান্ত সুস্থ হৈ উঠিছে।

এই ক’ভিড কেন্দ্ৰত ৰােগীৰ লগতে আত্মীয়ৰ থকা-খােৱাৰ ব্যৱস্থা আছে। শির্ডি সাই ধাম ২০১৮ ১.৬৫ কোটি ভক্তই দর্শন কৰিছিল। ২০১৯ত এই তীর্থস্থান ১.৫৭ কোটি লােকে দর্শন কৰিছিল। কিন্তু ইয়াৰ পাছতে ২০২০ত কৰনাৰ প্ৰকোপত মন্দিৰটো বন্ধ হৈছিল।

যােৱা ১৬ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰৰ সময়ছােৱাত ৫.৭৪ ভক্তই মন্দিৰটো দর্শন কৰিছিল। পহিলা জানুৱাৰীৰ পৰা পাঁচ এপ্রিললৈকে পুনৰ ৬২ হেজাৰ ভক্তই সাই মন্দিৰটো দর্শন কৰে। ২০২০ এপ্রিলত সাই ন্যাসে ক’ভিড হাস্পতাল মুকলি কৰি ৰােগীক বিনামূলীয়া চিকিৎসা সেবা প্রদান আৰম্ভ কৰিছিল।

৬৪০ শয্যাযুক্ত ক’ভিড চিকিৎসালয়খনত ১৪০খন অক্সিজেনযুক্ত শয্যা আৰু ২০ খন ভেন্টিলেটযুক্ত শয্যা আছে। কৰ’না কালত সাইবাবা ন্যাসে ২৯৫ কোটি টকাৰ কম বৰঙণি লাভ কৰে।

Exit mobile version