দুটা ক’ভিড ভেকছিন লাভ কৰা যাত্ৰীৰ নিগেটিভ আৰটি-পিচিআৰ প্ৰতিবেদনৰ প্ৰয়োজন নাই : বিমান পৰিবহন মন্ত্ৰী

অসামৰিক বিমান পৰিবহন মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এক সংবাদ কয় যে, যিসকল যাত্ৰীয়ে দুটা ক’ভিড ভেকছিন লাভ কৰিছে তেওঁলোকক বিমানত উঠিবলৈ নিগেটিভ আৰটি-পিচিআৰ প্ৰতিবেদনৰ প্ৰয়োজন নহ’ব পাৰে। কিন্তু এই সিদ্ধান্ত আভ্যন্তৰীণ উৰাণৰ বাবে লোৱা হ’ব।

আইচিএমআৰে ইয়াৰ শেহতীয়া নিৰ্দেশনাৱলীত চৰকাৰক পৰামৰ্শ দিছে যে, আভ্যন্তৰীণ বিমানত বাধ্যতামূলক আৰটি-পিচিআৰ পৰীক্ষাৰ নিগেটিভ ৰিপৰ্ট থকাৰ নিয়মবোৰ সম্পূৰ্ণৰূপে উঠাই ল’ব পাৰি।

আৰ.টি.-পি.চি.আৰ. পৰীক্ষাগাৰৰ ওপৰত চাপ হ্ৰাস কৰিবলৈও পৰামৰ্শ দিয়া হৈছিল। কাৰণ, পৰীক্ষাগাৰত চাপৰ বাবে প্ৰতিবেদন প্ৰাপ্ত কৰাত পলম হয়। হৰদীপে কয় যে, আইচিএমআৰৰ পৰামৰ্শ মন্ত্ৰণালয়ৰ বিবেচনাধীন । কিন্তু মন্ত্ৰণালয়ে অকলে কোনো সিদ্ধান্ত নলয় । এই সন্দৰ্ভত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে স্বাস্থ্য বিশেষজ্ঞসকলৰ মতামত লোৱা হ’ব।

কিন্তু পুৰীয়ে জনাইছে যে মন্ত্ৰণালয়ে আভ্যন্তৰীণ বিমানৰ বাবে বাধ্যতামূলক আৰটি-পিচিআৰ নিগেটিভ প্ৰতিবেদন জাৰি কৰিলেও ৰাজ্যসমূহে নিগেটিভ ৰিপ’ৰ্ট বিচাৰিব পাৰে। কিয়নো স্বাস্থ্য হৈছে এক ৰাজ্যিক বিষয় ।

সেয়ে, যাত্ৰীসকলক ৰাজ্য এখনত প্ৰৱেশ কৰাৰ আগতে নিগেটিভ আৰ.টি.-পি.চি.আৰ. প্ৰতিবেদন বিচাৰিব পাৰে আৰু এইটো এটা নিৰ্দিষ্ট ৰাজ্যৰ অধিকাৰ ।

Exit mobile version