দূৰ্গম কাৰ্বিপাহাৰৰ গ্ৰাম্য ক’ভিড যুঁদ্ধা ‘হেনছেক দাদা’ৰ প্ৰশংসনীয় কাৰ্য

ৰঙামাটিৰ ৰঙাগড়াত পদুলিয়ে পদুলিয়ে 'ন’ মাস্ক ন’ এণ্ট্ৰী’

’আমিটো পাহাৰৰ মানুহ, আমাৰ বেমাৰ লাগিলে কোনে চাব? কোনে নিব আমাক আঁতৰৰ হস্পিতাললৈ? সেইবাবেই নিজেই নিজৰ সহায় হৈছো৷ সজাগ কৰিছো পাহাৰীয়া গাঁওখনৰ মানুহজাকক৷ ইহঁতো বাছি থাকক, ময়ো বাছি থাকো ৷’ এয়া দূৰ্গম কাৰ্বিপাহাৰৰ হেনছেক্ দাদাৰ কথা ৷

কাৰ্বিআংলঙৰ দূৰ্গম পাহাৰৰ এজন নিৰৱ ক’ভিড যুঁদ্ধা বিদৰসিং হেনছেক্ ৷ মৰমতে তেঁওৰ সকলোৱে মতা নাম ’হেনছেক্ দাদা ’৷ পাহাৰীয়া কাৰ্বিআংলং জিলাৰ চুচেনধেন্টা সমষ্টিৰ ৰঙাগড়া বে’ গাঁৱৰ বাসিন্দা হেনছেক্ দাদা ৷

এইগৰাকী পাহাৰৰ সমাজহিতৈষী লোকে নিজ নঙলামুখৰ পৰাই আৰম্ভ কৰিছে ক’ভিডৰ বিৰুদ্ধে যুঁজ৷ নিজ নঙলামুখত নঙলা জপাই ইয়াৰ কাষতে তেওঁ কাঠৰ ফলকত লিখিছে- ‘ন’ মাস্ক-ন’ এণ্ট্ৰী’ ৷

ইয়াৰ লগতে কাঠেৰে সজা আন এখন কাঠৰ ফলকত চূণেৰে কাৰ্বি ভাষাতে তেওঁ লিখিছে- ’নন মালম কেদাম, কেবাং ছেৰে নাংজি, ক’ৰনা কেছ’৷ ’ ইয়াৰ অসমীয়া অৰ্থ হৈছে – ’অহা-যোৱাত সাৱধান, ক’ৰনা মহামাৰী হৈছে৷’

এয়া পাহাৰৰ মানুহ হিচাপে পৰিচিত হেনছেক দাদাৰ সজাগতাৰ অভিযান৷ পাহাৰীয়া জীৱনশৈলীৰে উঠা-বহা কৰা হেনছেক্ দাদাই খেতি-বাতি কৰিয়েই চলাই আহিছে পৰিয়ালটো ৷ এতিয়া চৌপাশে ক’ভিডৰ সংহাৰী ৰূপ ৷

সকলোতে সন্দেহ, ভয় শংকাই গ্ৰাস কৰিছে জনজীৱন৷ কিন্তু ইয়াৰ মাজতো এতিয়াও সজাগ নহয় নগৰীয়া সভ্যতাৰে খাপ খোৱা একাংশ তথাকথিত জ্ঞানবান লোক৷ কিন্তু ইয়াৰ বিপৰীতে একপ্ৰকাৰ দেৱৰ অগম্য খোজ কাঢ়িয়েই প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ কৰা কাৰ্বিপাহাৰৰ এই ছাৰপ’ বে’ গাৱঁৰ হেনছেক্ দাদাই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷

পাহাৰৰ এই ৰঙাগড়া ছাৰপ’ বে’ গাঁৱত কোনো লোকে প্ৰৱেশ কৰিলে এই সময়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে এই হেনছেক্ দাদাই ৷ তেঁওৰ নিজ ঘৰৰ নঙলামুখৰ পৰাই এইগৰাকী সহজসৰল পাহাৰৰ দাদাই আৰম্ভ কৰিছে এই সজাগতা অভিযান ৷

ইয়াৰ লগতে ক’ভিডৰ সময়ত গ্ৰহণ কৰিবলগা আন আন সজাগতাসমূহো সম্পূৰ্ণৰূপে পালন কৰাটো বাধ্যতামূলক কৰা হৈছে অঞ্চলটোত ৷ সকলোতকৈ আকৰ্ষণীয় কথাটো হ’ল এই ছাৰপ’ গাঁৱত এতিয়ালৈকে প্ৰৱেশ কৰিব পৰা নাই কোনো চাৰিচকীয়া বাহন ৷

পাহাৰীয়া লুংলুঙীয়া পথেই জনজীৱনৰ একমাত্ৰ বহিঃজগতৰে যোগাযোগৰ মাধ্যম ৷ যুগে যুগে চৰকাৰী বঞ্চনাৰ বলি হোৱা অঞ্চলবাসীৰ বাবে আধুনিক বিশ বহু কথাই বৰ্তমানেও বহুত দূৰৈত ৷ পথ পানীৰ সমস্যাত বাৰুকৈয়ে ভাৰাক্ৰান্ত অঞ্চলটোৰ জনসাধাৰণ ৷

কিন্তু ইয়াৰ মাজতো এই জটিল সময়ত এনে সজাগতাৰ ছবিখনে ভৱাই তুলিছে তথাকথিত চহৰীয়া সভ্যতাৰ সোঁতত উটি যোৱা প্ৰতিজন লোকক ৷ গাঁওখনৰ বাহিৰৰ পৰা কোনোবা ইয়াৰ কোনো গৃহস্থীৰ ঘৰত প্ৰৱেশ কৰিব বিচাৰিলে তেওঁ আজিৰ সময়ত সকলো ক’ভিড বিধি মনাতো বাধ্যতামূলক ৷

কোনো আৰক্ষীৰ লাঠিৰ কোবৰ ভয় বা সজাগতামূলক সংস্থাৰ প্ৰচাৰমূলক কাৰ্যৰ জৰিয়তে নহয়, এইগৰাকী হেনছেক্ দাদাৰ একক প্ৰচেষ্টাৰেই এতিয়া ক’ভিড যুঁদ্ধা হৈ উঠিছে সকলো ৷ গ্ৰাম্য ক’ভিড যোদ্ধা এইগৰাকী বিদৰসিং হেনছেক ৰঙাগৰা অঞ্চলবাসীৰ বাবে হৈ পৰিছে এক আদৰ্শ ৷

এওঁৰ তৎপৰতাতে সজাগ হৈ উঠিছে পাহাৰৰ জনতা ৷ হেনছেক্ দাদাৰ আশা-সকলোৰে এনে সজাগতাই বিশ্বৰ পৰা নিঃশেষ কৰিব ক’ভিডক ৷

Exit mobile version