পাকিস্তান আৰু সিন্ধপ্ৰদেশৰ ভয়াবহ ৰেল দুৰ্ঘটনা

pakistan train accident 24

পাকিস্তানৰ সিন্ধু প্ৰদেশত ভয়ংকৰ ৰেল দুৰ্ঘটনা। মিল্লাত এক্সপ্ৰেছ আৰু ছাৰ চয়দ এক্সপ্ৰেছৰ মাজত সংঘৰ্ষ। বৰ্তমানলৈকে কমেও ৩০ জন নিহত, ৫০ জনৰো অধিক আহত। হতাহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

তথ্য অনুসৰি সোমবাৰে ৰাতিপুৱা সিন্ধু প্ৰদেশৰ ঘোটকী জিলাৰ ডাৰ্কিত দুৰ্ঘটনাটো সংঘটিত হয়। কৰাচীৰ পৰা চাৰগোধাগামীলৈ মিল্লাত এক্সপ্ৰেছ আৰু ৰাৱালপিণ্ডিৰ পৰা অহা ছাৰ চৈয়দ এক্সপ্ৰেছৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটো ৰাইটি ষ্টেচনৰ ওচৰত সংঘটিত হৈছিল। প্ৰশাসনৰ সূত্ৰ অনুসৰি, মিল্লাত এক্সপ্ৰেছত এতিয়াও ১৫ ৰ পৰা ২০ জন লোক আৱদ্ধ হৈ আছে। স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ৰেলৰ ডবা কাটি আৱদ্ধ যাত্ৰীসকলক স্থানান্তৰ কৰা হৈছে বুলি ঘোটকীৰ এছএছপি উমাৰ টুফেলে জানিবলৈ দিয়ে।

আহতসকলক ঘোটকী, ধাৰ্কি, ওবাৰো আৰু মীৰপুৰৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘোটকীৰ উপায়ুক্তই কয় যে উদ্ধাৰ অভিযান কিছু কঠিন আছিল কিয়নো ৰেলৰ ডবাবোৰ ওলোটা হৈ গৈছিল। কিন্তু প্ৰশাসনে যথাসাধ্য চেষ্টা কৰিছে।

Exit mobile version