শালবাৰীত হোম আইছ’লেচনত থকা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ বিজেপি যুৱ মৰ্চাৰ

WhatsApp Image 2021 06 07 at 7.19.55 PM 2

ৰাজ্যত ক’ভিড মহামাৰীত আক্ৰান্তৰ সংখ্যা পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে যদিও এতিয়াও বহু লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বহুতে আকৌ স্বাস্থ্য বিভাগৰ নীতি নিয়ম মানি হোম আইছ’লেচনত থাকিবলগা হৈছে ৷

তাৰ মাজতে ৰাজ্যত চলি থকা অৰ্ধ তলাবন্ধই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে সাধাৰণ ৰাইজৰ জীৱনধাৰণ প্ৰণালীত ৷ বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতো দেখা দিছে বৃহৎ অসুবিধাই ৷

আজি সৰভোগ সমষ্টিৰ গোৱৰ্ধনা ব্লক মণ্ডলৰ অন্তৰ্গত বিভিন্ন গাঁৱত হোম আইছ’লেচনত থকা বহু পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ সদস্য প্ৰণৱজ্যোতি বৰ্মনে ৷

খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় গোৱৰ্ধনা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কবিতা পাঠক,ভৃগু কুমাৰ নাথৰ লগতে কেইবাগৰাকী বিজেপি দলৰ কৰ্মী ৷

Exit mobile version