ধেমাজিত AIMS ত নামভৰ্তী কৰি দিয়াৰ নামত জালিয়াটিৰে ধন লোৱা প্ৰৱঞ্চকক গ্ৰেপ্তাৰ

download 1 1

ধেমাজিৰ ৰামপ্ৰসাদ পেগু আৰু বিনিতা পেগুৰ কন্যা টিচা পেগুৱে ধেমাজি জিলাৰ লগতে অৰুণাচল কেবাজনো লৰা ছোৱালীক দিল্লীৰ AIMS ত MBBS পঢ়িবৰ বাবে নামভৰ্তী কৰাই দিয়াৰ নামত কোটি টকা সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হোৱা ঘটনাই ধেমাজিত চাঞ্চলৰ সৃষ্টি কৰিিছে ।

এই সন্দৰ্ভত জোনাইৰ এগৰাকী ডাঃ নৱজ্যেতি দলেই বৰ্তমান অৰুণাচলত কৰ্মৰত গোচৰ দিয়াত সোমাবাৰে ধেমাজি সদৰ থানাৰ অ-চি চনজিৱ শইকীয়াই একগোপন সূত্ৰৰ পম খেদি অৰুণাচল আৰক্ষীৰ সহায়ত প্লৱঞ্চক গৰাকীক অৰুণাচল বমডিলাৰ পৰা গ্ৰেপ্তাৰ কৰি আজি ধেমাজি দণ্ডাধীশৰ ওচৰত হাজিৰ কৰাই জেললৈ প্ৰেৰন কৰে ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, প্ৰৱঞ্চক টিচা পেগুৱে চিলাপথাৰ থানাৰ চিচিবৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত আামগুৰী গাওঁৰ ৰুবি কুটুমৰ কন্যা বেবি কুটুমক দিল্লীৰ AIMS ত নামভৰ্তী কৰাই দিয়াৰ নামত ন লাখ ৪০ হেজাৰ টকা লৈছিল ।

চিচিবৰগাওঁ আৰক্ষী চকীৰ অন্তৰ্গত চৌখামটিং গাওঁৰ নিবাসী ৰুবি ভূঞা চুতীয়া আৰু মনিবৰ চুতীয়াৰ পুত্ৰ অবিষেক চুতীয়াক ২০১৯ চনতে AIMS ত নামভৰ্তী কৰাই দিয়াৰ নামত ১৬ লাখ পাঁচ হেজাৰ ৪০০ টকা লৈছিল ।

আনহাতে অৰুণাচলত কৰ্মৰত ডাঃ নৱজ্যোতি দলেৰ পৰা পাঁচ লাখ টকা নামভৰ্তী কৰাই দিয়াৰ নামত লৈছিল ।আৰক্ষীয়ে জানিবলৈ দিয়া মতে অৰুণাচলৰ বহুলোকৰ পৰা এইদৰে প্ৰৱঞ্চনাৰে ধন সংগ্ৰহ কৰাত অৰুণাচলতো প্ৰৱঞ্চক গৰাকীৰ বিৰুদ্ধে ৩৭/২০২০ ত এক গোচৰ ৰুজো হৈছিল।

প্ৰৱঞ্চক টিচা পেগুৰ পিতৃ মাতৃও এনে প্ৰৱঞ্চক গোচৰত আজি কিছু দিনৰ আগতে জেললৈ যাব লগা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

Exit mobile version