প্ৰয়াত ‘লাঞ্চ বক্স’ৰ কাষ্টিং পৰিচালক ছেহেৰ আলী লতিফ, শোক প্ৰকাশ কৰিলে বলীউড তাৰকাসকলে

thequint 2021 06 aae79ab6 060d 4278 9d43 324d8e781ee1 seher

বলীউডৰ অন্যতম কাষ্টিং পৰিচালক ছেহেৰ আলীৰ সোমবাৰে দেহাৱসান ঘটে । হৃদৰোগত আক্ৰান্ত হৈছিল ছেহেৰ ।

ছেহেৰৰ বন্ধু তথা পৰিচালক নীৰজ উধ্বানিয়ে জনায়, তেওঁৰ কিড্‌নী নিষ্ক্ৰিয় হৈ পৰিছিল । আঠদিন পূৰ্বে তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে জনায় যে, কোনো সংক্ৰমণৰ বাবে কিড্‌নী নিষ্ক্ৰিয় হৈ পৰিছিল । কিন্তু চিকিৎসাৰ ফলত তেওঁ সুস্থ হৈ উঠিছিল । তৎস্বত্তেও প্ৰাণ ৰক্ষা নপৰে ।

লাঞ্চ বক্স, দুৰ্গামতী, মস্কা, ভাগ বিনি ভাগ ইত্যাদি একাধিক জনপ্ৰিয় চলচ্চিত্ৰ আৰু ৱেবছিৰিজৰ চৰিত্ৰৰ বাবে শিল্পী নিৰ্বাচন কৰিছিল তেওঁ । তেওঁৰ মৃত্যুৰ বতৰাত অনুৰাগ কাশ্যপ, ৰাজকুমাৰ ৰাও, স্বৰা ভাস্কৰ, নিম্ৰত কৌৰ, হুমা কুৰেশ্বি, ছানিয়া মালহোত্ৰা, নোৰা ফতেহিসহ একাধিক অভিনেতা-অভিনেত্ৰীয়ে সামাজিক মাধ্যমত শোক প্ৰকাশ কৰিছে ।

Exit mobile version