শালবাৰীত চাৰিচকীয়া বাহনসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

উদ্ধাৰ হিৰ’ইন, নগদ ধন, চিৰিঞ্জ

WhatsApp Image 2021 06 08 at 6.27.38 PM

বাগ্‌সাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ আৰক্ষী বিষয়া নৱজিত তালুকদাৰৰ ড্ৰাগ্‌ছৰ বিৰুদ্ধে অভিযান ৷ সোমাবাৰে নিশাৰ ভাগত চলোৱা এক গোপন অভিযানত চাৰিচকীয়া বাহনসহ আৰক্ষীৰ জালত পৰে দুটাকৈ ড্ৰাগ্‌ছ সৰহবৰাহকাৰী ৷

আটকাধীন এই দুই ড্ৰাগ্‌ছ সৰহবৰাহকাৰী হ’ল গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পূৱ ছাফাকামাৰ গাঁওৰ পুলক নাথ আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ অন্তৰ্গত হটাপাৰাৰ অঞ্চুমা দৈমাৰী ৷

শালবাৰীৰ ডুমুৰুগুৰীত এএছ ০১ ডি কে ৯৭২৮ নম্বৰৰ এখন অল্টো বাহনেৰে আহি থকা অৱস্থাত হাতেলোটে কৰায়ত্ত কৰা ধৃত যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে ৬.৫৯ গ্ৰাম হিৰ’ইন, নিচাযুক্ত দ্ৰব্য, ৪১,৬৫০ টকা নগদ ধন, এটা মবাইল ফোন আৰু চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগ্‌ছ সৰহবৰাহকাৰী যুৱক দুজনৰ বিৰুদ্ধে গোৱৰ্দ্ধনা থানা আৰক্ষীয়ে ৮৭/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি আজি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে ৷

Exit mobile version