ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ

mom3qb9 himanta biswa sarma instagram

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

● ৰাজ্যৰ সমাজ জীৱনলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক সন্মানিত কৰাৰ বাবে পূৰ্বৰ ‘অসম ৰত্ন’ বঁটাৰ লগতে অসম চৰকাৰে আৰু তিনিটা নতুন বঁটা প্ৰৱৰ্তনৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।
1. অসম ৰত্ন বঁটাঃ এতিয়াৰে পৰা অসম ৰত্ন বঁটা পূৰ্বৰ তিনি বছৰৰ পৰিৱৰ্তে বছৰি প্ৰদান কৰা হ’ব । প্ৰতি বছৰে এগৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰিবলগীয়া এই ধনৰাশিৰ পৰিমাণ হ’ব পাঁচ লাখ টকা ।
2. অসম বিভূষণ বঁটাঃ এই বঁটা প্ৰতি বছৰে পাঁচগৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হ’ব । বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব তিনি লাখ টকা ।
3. অসম ভূষণ বঁটাঃ এই বঁটা প্ৰতি বছৰে পাঁচগৰাকীকৈ ব্যক্তিক প্ৰদান কৰা হ’ব । বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব দুই লাখ লাখ টকা ।
4. অসমশ্ৰী বঁটাঃ প্ৰতি বছৰে ১০ গৰাকীকৈ ব্যক্তিক প্ৰদান কৰিবলগীয়া এই বঁটাৰ ধনৰাশিৰ পৰিমাণ হ’ব এক লাখ টকা ।

Cabinet Decision 

উপৰোক্ত বঁটাসমূহ প্ৰতি বছৰৰ অসম দিৱসৰ দিনা প্ৰদান কৰা হ’ব । এই বঁটাসমূহৰ প্ৰাপকসকলে চৰকাৰৰ পৰা আন কেতবোৰ সা-সুবিধাও লাভ কৰিব । তেওঁলোকৰ জটিল ৰোগৰ সমস্যাত সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হ’ব । অসম ভৱনৰ লগতে চৰকাৰী অতিথিশালাত বিনামূলীয়াকৈ থকাৰ সুবিধা প্ৰদান কৰা হ’ব । সেইদৰে আগতীয়া জাননী সাপেক্ষে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধাও আগবঢ়োৱা হ’ব ।

● প্ৰতি বছৰে স্বাধীনতা দিৱসৰ দিনা চৰকাৰে প্ৰদান কৰা সাহিত্য, ক্ৰীড়া আৰু শিল্পী পেঞ্চন প্ৰদানৰ সময় আজি কেবিনেটে পূৰ্বতকৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি –
1. প্ৰতি বছৰে সাত ডিচেম্বৰত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্ম দিৱসৰ দিনা সাহিত্যিক পেঞ্চন প্ৰদান কৰা হ’ব ।
2. অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস তিনি ছেপ্তেম্বৰৰ দিনা বছৰটোৰ ক্ৰীড়া পেঞ্চনসমূহ প্ৰদান কৰা হ’ব ।
3. প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে শিল্পী দিৱসৰ দিনা বছৰটোৰ শিল্পী পেঞ্চনসমূহ প্ৰদান কৰা হ’ব ।

এই বঁটাসমূহ প্ৰদান কৰাৰ পূৰ্বে ঘোষণা কৰা হ’ব ।

● বটদ্ৰৱা থানৰ প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ৩৫ বিঘা দুই কঠা দুই লেচা ভূমি সংযোজনক আজি কেবিনেট অনুমোদন জনায় । সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই প্ৰতি মাহে এই প্ৰকল্পৰ পৰ্যালোচনা কৰিব আৰু প্ৰকল্পৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাটো নিশ্চিত কৰিব ।

Exit mobile version