অন্যান্য খোৱা তেল উৎপাদনত সৰিয়হ তেলৰ ব্যৱহাৰ নহয়, নিৰ্দেশ কেন্দ্ৰৰ

photo

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে (এফএছএছএআই) জনাইছে, ২০২১ চনৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ তৃতীয় সংশোধনী অনুসৰি এতিয়াৰে পৰা অন্যান্য খোৱা তেল তৈয়াৰ কৰিবলৈ সৰিয়হতেল ব্যৱহাৰ কৰিব নোৱাৰিব।

এফএছএছএআইয়ে এই সন্দৰ্ভত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াত কোৱা হৈছিল যে আঠ জুনৰ পাছত চয়াবীন তেল, সূৰ্যমুখী তেল আদি তৈয়াৰ কৰিবলৈ সৰিয়হৰ তেল আৰু ব্যৱহাৰ কৰিব নোৱাৰি।

একে সময়তে, নিৰ্দেশনাৱলীত এইটোও কোৱা হৈছে যে এই সময়ৰ পৰা আৰু খোলা নহয় ,পেকেট কৰি বিক্ৰী কৰিব লাগিব সকলো খোৱা তেল। কিন্তু কোনো পেকেট ১৫ কিলোগ্ৰামতকৈ অধিক হ’ব নালাগিব। যি পেকেটত এই তেল বিক্ৰী কৰা হ’ব সেইপেকেটটোৱে গৰম সহ্য কৰিবলৈ সক্ষম হ’ব লাগে। খাদ্য সুৰক্ষা মন্ত্ৰালয়ক লেবেল লগাই এই তেলবিক্ৰী কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

Exit mobile version