কৰ’নাৰ উৎস সন্দৰ্ভত চীনক হেঁচা দিয়াৰ ক্ষমতা নাই হুৰ

fx1 lrg 1

বিগত প্রায় ডেৰ বছৰ ধৰি বিশ্বক আতংকিত কৰি ৰাখিছে মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্রমণে। এই ভাইৰাছৰ উৎসৰ সন্ধানক লৈ আমেৰিকা আৰু চীনৰ মাজত বর্তমানে এক সংঘাতৰ সৃষ্টি হৈছে।

ADVERTISEMENT

কৰ’নাৰ উৎসৰ সন্দৰ্ভত এইবাৰ মুখ খুলিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। আন্তর্জাতিক স্বাস্থ্য সংস্থাটোৰ শীর্ষ বিষয়াৰ মতে, হুৱে চীনক কৰ’না ভাইৰাছৰ উৎসৰ সন্দৰ্ভত অধিক তথ্য প্রকাশ কৰিবলৈ বাধ্য কৰিব নােৱাৰে।

এখন সংবাদমেলত হুৰ আপাতকালীন কাৰ্যসূচীৰ সঞ্চালক মাইক ৰায়নে স্পষ্টভাৱে কয়, এই বিষয়ত কাৰােবাক হেঁচা দিয়াৰ ক্ষমতা হুৰ নাই। এই বিষয়ত আমি সকলাে দেশৰ পৰা পূর্ণ সহযােগিতা আৰু সমর্থন বিচাৰাে।

প্রসংগত উল্লেখ্য যে কৰ’নাৰ সংক্ৰমণৰ আৰম্ভণিৰ পৰাই ইয়াৰ উৎসক লৈ বিতর্ক সৃষ্টি হৈ আহিছে। শেহতীয়াভাৱে আমেৰিকাই চীনক হুংকাৰ দি কৈছিল যে মার্কিন চোৰাংচোৱাই অচিৰে অনুসন্ধান চলাই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ উৎস বিচাৰি উলিয়াব।

Exit mobile version