বিনামূলীয়া প্রতিষেধক প্ৰদানৰ সন্দৰ্ভত চিন্তা ব্যক্ত কৰি কংগনাই ক’লে ‘সামর্থ অনুসৰি প্ৰধানমন্ত্রীৰ পুঁজিলৈ দান কৰক’

Untitled tile

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দেশৰ সকলাে লােকক বিনামূল্যে কৰ’নাৰ প্রতিষেধক প্ৰদানৰ কথা ঘােষণা কৰাৰ পাছত এই সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিলে বলিউড অভিনেত্রী কংগনা ৰণৌটে।

ADVERTISEMENT

ইনষ্টাগ্ৰামত অভিনেত্রীগৰাকীয়ে কয় যে দেশবাসীয়ে নিজৰ ক্ষমতা অনুসৰি পি এম কেয়াছলৈ ধন দান কৰা উচিত। মঙলবাৰে কেন্দ্রীয় চৰকাৰে প্রতিষেধক প্ৰদানৰ দায়িত্ব ৰাজ্যৰ পৰা নিজৰ হাতত ল’লে।

আদৰণীয় প্রধানমন্ত্রীয়ে সকলাে লােকক বিনামূল্যে প্রতিষেধক প্ৰদানৰ কথা ঘােষণা কৰিছে। কিন্তু আমি জানােনে ইয়াৰ বাবে দেশে কিমান ধন ব্যয় কৰিব লাগিব? এই সংখ্যাটো আপােনাৰ কল্পনাৰাে বাহিৰত।

যিসকল লােকে প্রতিষেধক ব্যয় বহন কৰিব পাৰে, মই সেইসকল লােকক অনুৰােধ জনাব বিচাৰাে যে তেওঁলােকে অনুগ্ৰহ কৰি প্রতিষেধক লােৱাৰ পাছত প্রধানমন্ত্রী কেয়ার্ড ফাণ্ডত নিজৰ ক্ষমতা অনুসৰি ১০০, ২০০ অথবা ১০০০ টকা দান কৰক।

Exit mobile version