বোকাজানত পুনৰ হেৰইন জব্দ, মাতৃসহ দুই পুত্ৰক আটক

WhatsApp Image 2021 06 09 at 6.01.26 PM

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বোকাজান আৰু খটখটী থানাৰ আৰক্ষীয়ে ইটোৰ পাছত সিটো সফলতা ধাৰাবাহিক ভাবে লাভ কৰিবলৈ সক্ষম হৈছে ৷

বোকাজান আৰক্ষীয়ে নগৰখনৰ বাসিন্দা প্ৰভাস শ্বাহৰ ঘৰত অভিযান চলাই প্ৰায় ১২ গ্ৰাম হেৰইন জব্দ কৰে ৷

আৰক্ষীয়ে শ্বাহৰ পত্নী পাৰ্বতী শ্বাহ , তেওঁৰ দুই পুত্ৰ ৰামদেৱ শ্বাহ আৰু কপিল শ্বাহক অভিযান কালত আটক কৰে ৷

অভিযোগ অনুসৰি পৰিয়ালটোৱে দীৰ্ঘদিনৰ পৰা ঘৰৰ পৰাই ড্ৰাগছ বিক্ৰী কৰি আহিছিল ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version