হঠাৎ মাটি সোমাই বৃহৎ গহ্বৰ সৃষ্টি হ’ল পাৰ্কিং লটত, পাতাল প্ৰৱেশ তিনি গাড়ীৰ

https cdn.cnn .com cnnnext dam assets 210608123140 jerusalem sinkhole parking lot

হঠাৎ মাটি তললৈ সোমাই বৃহৎ গহ্বৰ সৃষ্টি হ’ল পাৰ্কিং লটৰ এটা অংশত । নিমিষতে মাটিৰ তলত সোমাই গ’ল তিনিখন গাড়ী । এই ঘটনা সংঘটিত হৈছে জেৰুজালেমৰ এখন হাস্পতালৰ পাৰ্কিং লটত । আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, কোনো আহত হোৱাৰ খবৰ পোৱা নাই । অগ্নি নিৰ্বাপক বাহিনীৰ সাতটা ইঞ্জিন ঘটনাস্থলত গৈছিল ।

সোমবাৰে সন্ধিয়া জেৰুজালেমৰ ছাৰে জেডেক মেডিকেল চেণ্টাৰৰ পাৰ্কিং লটত এই ঘটনা ঘটে । কৰ্তৃপক্ষই জনায়, ছিংকহ’ল বা বৃহৎ গহ্বৰটো এটা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৈছে । সেই ঠাইত এটা সুৰংগ নিৰ্মাণ কৰা হৈছে । স্থানীয় প্ৰতিবেদন অনুসৰি, সুৰংগটো হাস্পতাল আৰু পাৰ্কিং লটৰ তলেৰে গৈছে ।

ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষীয়ে অগ্নি নিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলৰ স’তে অঞ্চলটোত অনুসন্ধান চলায় । হাস্পতালৰ কাষৰ পথসমূহ বন্ধ কৰি দিয়া হয় ।

Exit mobile version