নাৰিকল পানী খোৱাৰ চমৎকাৰী উপকাৰিতা

The benefits of coconut water

★প্ৰতিদিনে এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰিলে বুকু জ্বলা পুৰা কৰা বা এচিডিটি নোহোৱা হৈ আৰু হজম শক্তি বৃদ্ধি পায়।

★ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যায়ো দূৰ কৰে। লগতে গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰটো ই বৰ উপকাৰী।

★নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়,দেহত ঘামুচি নহয়।

★গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা উচিত।

★ডাব নাৰিকলৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই বেক্টেৰিয়েল আৰু ভাইৰেল জনিত ৰোগৰ পৰা আমাৰ দেহাটিক ৰক্ষা কৰে।কিয়নো ইয়াত অন্তৰ্নিহিত হৈ থাকে ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিনৰ দৰে মূল্যবান উপাদান।

★ক্ৰীড়াৰ ক্ষেত্ৰত জড়িতসকলক শক্তিবৰ্ধক পানীয়ৰ প্ৰয়োজন। প্ৰখৰ গৰমত আপুনি আপোনাৰ শক্তিৰ স্তৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নাৰিকলৰ পানীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

★ আমাৰ দেহৰ ইউৰিনাৰী ছিষ্টেমৰ বাবে নাৰিকলৰ পানী উত্তম বুলি কোৱা হয়। মূত্ৰ সম্পৰ্কীয় বিভিন্ন গুণাগুণ ইয়াত আছে আৰু কিডনীৰ পাথৰো ই নিৰাময় কৰে।

★ যেতিয়াই শৰীৰত পৰ্যাপ্ত জুলীয়া পদাৰ্থৰ অভাৱ হয়, তেতিয়া ডিহাইড্ৰেচন হয়। পৰ্যাপ্ত পৰিমাণৰ নাৰিকলৰ পানী সেৱন কৰিলে এই অৱস্থাৰ পৰা ৰক্ষা পাব পাৰি।

Exit mobile version