আৰ্থিক সংকটত কংগনা, আয়কৰ দিব পৰা নাই

2021 1largeimg 1013820160

অভিনেত্ৰীসকলৰ মাজত সৰ্বাধিক আয়কৰ পৰিশোধ কৰে কংগনা ৰাণৌৱতে। নিজে এই দাবী কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে । কিন্তু এই তথ্য পুৰণি। তেওঁ এইটো পূৰ্বেই কৈছিল । মঙলবাৰে অভিনেত্ৰীগৰাকীৰ কথাত প্ৰকাশ পালে অন্য এক চাঞ্চল্যকৰ তথ্য । আয়কৰ দিব পৰা নাই তেওঁ ।

কংগনাই ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, ‘তলাবন্ধৰ বাবে হাতত কোনো কাম নাই। গতিকে মই এতিয়ালৈকে যোৱা বছৰৰ কৰৰ আধাতকৈ বেছি পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই । অৱশ্যে, মোৰ জীৱনত প্ৰথমবাৰৰ বাবে এনে হৈছে ।’

অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ ইয়াৰ বাবে অতিৰিক্ত জৰিমনা পৰিশোধ কৰিব লাগিব। কিন্তু তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰিছে । কাৰণ তেওঁ ভাবে যে এইটো সকলোৰে বাবে এটা কঠিন সময়। কংগনাই কয়, ‘সকলোৱে একত্ৰিত হ’লে আমি শক্তিশালী হ’ম ।’ অভিনেত্ৰীগৰাকীয়ে জনাইছিল যে তেওঁৰ উপাৰ্জনৰ ৪৫ শতাংশ কৰ হিচাপে পৰিশোধ কৰিব লাগিব।

কিন্তু এটা প্ৰশ্নৰ উত্তৰ দিয়া নাছিল। তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা বাতৰিৰ ছবি প’ষ্ট কৰি লিখিছিল, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ইচ ৱান পে ৱান’ নিয়ম প্ৰৱৰ্তন কৰিছে ।’ যাৰ অৰ্থ হৈছে যিসকল নাগৰিকৰ ক্ষমতা আছে তেওঁলোকে দৰিদ্ৰ লোকসকলৰ টিকাকৰণৰ ব্যয় বহন কৰিব পাৰে । প্ৰশ্ন উত্থাপিত হয়, কংগনাই হঠাতে বাতৰিটোৰ ওপৰত তেওঁৰ আয়কৰ তথ্য কিয় লিখিলে ?

Exit mobile version