চক্ৰ বিষয়াৰ তদন্তৰ প্ৰতিবেদনত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ প্ৰায় এবছৰ পাছতো লাট মণ্ডল ৰমজান আলীৰ বিৰুদ্ধে গ্ৰহণ কৰা নহ’ল কোনো ব্যৱস্থা

868137 qzpfnzmtek 1518174535

ধুবুৰীৰ গৌৰীপুৰৰ এডোখৰ মাটিৰ নামজাৰী আৰু ৰেকৰ্ড সংশোধন কৰাৰ নামত এজন লাট মণ্ডলে ব্যাপক দুৰ্নীতি কৰাৰ এক ভয়ংকৰ তথ্য চক্ৰ বিষয়াৰ তদন্তৰ প্ৰতিবেদনত পোহৰলৈ অহাৰ পাছতো আজি প্ৰায় এটা বছৰে লাট মণ্ডলজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল। ৰমজান আলী নামৰ লাট মণ্ডলজনে কৰা বিয়াগম দুৰ্নীতি আৰু জালিয়াতিৰ অভিযোগত এগৰাকী নিৰ্দোষী লাট মণ্ডল গ্ৰেপ্তাৰ কৰা হৈছিল ধুবুৰীত। অৱশ্যে লাট মণ্ডলজনে দুৰ্নীতি অনিয়মত লিপ্ত নথকাৰ বাবে আদালতে জামিনত মুকলি কৰি দিছিল ।

ৰমজান আলী নামৰ যি গৰাকী লাট মণ্ডল উক্ত মাটিৰ নামজাৰী কৰাত দুৰ্নীতি অনিয়মৰ আশ্ৰয় লৈছিল সেইগৰাকী লাট মণ্ডল আজিও গ্ৰেপ্তাৰ নহ’ল। বিভাগীয়ভাৱেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল দুৰ্নীতিগ্ৰস্থ লাট মণ্ডলজনৰ বিৰুদ্ধে । গৌৰীপুৰৰ আশাৰিকান্দি অঞ্চলৰ ২২, ২৩ আৰু ২৪ নং দাগৰ পৰা চিৰাজুল হক নামৰ লোকজনে ১৩ বিঘা দুই কঠা তিনি লেছা মাটি ক্ৰয় কৰিছিল । যদিও ভুলক্ৰমে ২৬, ২৭ নং দাগৰ মাটিখিনি নামজাৰী কৰা হৈছিল চিৰাজুলৰ নামত । পৰৱৰ্তী সময়ত উক্ত ভুল সংশোধন কৰা হয়।

তথ্য অনুসৰি ২০১৭ত তদানীন্তন লাট মণ্ডল ৰমজান আলী শেখৰ কাৰ্যকালত গৌৰীপুৰৰ অন্তৰ্গত আশাৰীকান্দি গাঁৱৰ ৪৪২ নং ম্যাদী পাট্টাৰ ২৬ নং দাগৰ এক বিঘা ১৩ লেছা ১০ নং ম্যাদী পাট্টাৰ ২৭ নং দাগৰ দুই বিঘা ১১ লেচা মাটিত চিৰাজুল হকৰ নামত ৰেকৰ্ডভুক্ত হৈছিল । যদিও মূল ৰেকৰ্ডত উক্ত মাটিখিনি শিল্পা শোভাচাৰীয়াৰ নামত ৰেকৰ্ডভুক্ত কৰা আছিল । উক্ত মাটিৰ ২৬ নং দাগৰ এক বিঘা চাৰি কঠা ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা ১১ লেছা মাটি চিৰাজুল হকে ক্ৰয় কৰা বুলি যোৱা ২০১৭ চনৰ তিনি মেত ১১২/২০১৬-১৭ আৰু ১১৩/২০১৬-১৭ নং পথাৰ নামজাৰী গোচৰ মূলে সংশোধন কৰা হয়।

ইপিনে তদন্তৰ পাছত উক্ত ২৬ নং দাগৰ এক বিঘা চাৰি কঠা ১৩ লেছা আৰু ২৭ নং দাগৰ দুই বিঘা এঘাৰ লেছা মাটিত দলিল মূলে প্ৰকৃততে পাট্টাদাৰ চিৰাজুল হকৰ কোনো দখল নাই বুলি লাট মণ্ডলৰ প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ থাকে । কাৰণ উক্ত মাটিখিনি পূৰ্বৰ পৰাই পাট্টাদাৰ হিচাপে আছে মাটিৰ গৰাকী শিল্পা শোভাচাৰীয়া । তাৰোপৰি উক্ত মাটিখিনত শিল্পাৰ পল কাৰখানা আছিল বুলিও প্ৰতিবেদনত উল্লেখ আছে । যদিও ইয়াৰ পাছতো উক্ত মাটিখিনি ৰহস্যজনকভাৱে চিৰাজুল হকৰ নামত নামজাৰী হয় ২০১৭ চনত । বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত তদানীন্তন লাট মণ্ডল ৰমজান আলী শেখে মাটিখিনি অবৈধভাৱে চিৰাজুলৰ নামত নামজাৰী কৰি দিয়ে বুলি অভিযোগ উত্থাপন হৈছিল ।

এই সন্দৰ্ভত শিল্পাই ঘটনা সন্দৰ্ভদ ২/২০২০-২১ নম্বৰৰ এখন মিছ কেচৰ ভিত্তিত মাটিখিনি পুণৰ বিভাগীয় নীতি নিয়ম অনুসৰি শিল্পাৰ নামত নামজাৰী কৰা হয়। ইপিনে শেহতীয়াকৈ যোৱা ১৮ ফেব্ৰুৱাৰীত গৌৰীপুৰ চক্ৰৰ দায়িত্বত থকা চক্ৰ বিষয়াই ক্ষেত্ৰ ভিত্তিক তদন্ত কৰাৰ পিছত যোৱা বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত তদন্তৰ প্ৰতিবেদন দাখিল কৰে। উক্ত তদন্তৰ প্ৰতিবেদনত লাট মণ্ডল ৰমজান আলী আৰু মাটি ক্রেতা চিৰাজুল হকৰ জালিয়াতিৰ তথ্য ওলাই পৰিছিল।

লাট মণ্ডল ৰমজান আলীৰ দিনত হোৱা ভুলখিনিৰ বাবে আৰক্ষীৰ ৰোষত পৰিছিল নমেজ উদ্দিন আহমেদ নামৰ আন এজন নিৰ্দোষী লাট মণ্ডল । লক্ষণীয় বিষয় যে, চক্ৰ বিষয়াৰ তদন্তৰ প্ৰতিবেদনত লাট মণ্ডল ৰমজান আলীৰ দুৰ্নীতি আৰু জালিয়াতিৰ তথ্য স্পষ্টভাৱে ওলাই পৰাৰ পাছতো আজি এটা বছৰে মণ্ডলজনৰ বিৰুদ্ধে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ’ল । জিলা প্ৰশাসন সমগ্ৰ বিষয়টো কিয় গাপ দিব বিচাৰিছে সেয়াও ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ।

Exit mobile version