জনসংযােগ অনুষ্ঠানলৈ গৈ যুৱকৰ চৰ খালে ফ্রান্সৰ ৰাষ্ট্ৰপতিয়ে

Emmanuel Macron 2017

তৃতীয়বাৰলৈ ৰাজহুৱা স্থানত অপদস্থ হ’ল ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্ৰৱে। এক জনসংযােগ অনুষ্ঠানত অংশ লােৱাৰ সময়তে এজন যুৱকৰ হাতৰ চৰ খালে ৰাষ্ট্রপতিজনে।

কৰ’না ভাইৰাছৰ অতিমাৰীৰ পাছত দেশৰ জনগণ আৰু শিক্ষার্থীসকলক সাক্ষাৎ কৰিবলৈ ৰাষ্ট্রপতি মেক্র’ৱে ফ্রান্স ড্র’ম অঞ্চললৈ গৈছিল। সেই সময়ত ৰাষ্ট্রপতিজনক চাবলৈ যথেষ্টসংখ্যক লােকে ভিৰ কৰিছিল।

ভিৰৰ মাজত থকা লােকসকলৰ স’তে কমর্দন কৰাৰ সময়তে এজন যুৱকে হঠাতে এটা প্রচণ্ড চৰ শােধালে ৰাষ্ট্রপতিজনক। ভেলেন্স চহৰৰ টেইন-ই-হাৰমিটেত অঞ্চলত চৰকাৰী ভ্ৰমণৰ সময়ত অনুৰাগী আৰু শুভাকাংক্ষীৰ স’তে সৌজন্যমূলক সাক্ষাতৰ সময়ত সকলােৰে স’তে মেক্রৱে কমর্দন কৰিছিল।

সেই সময়তে ৰাষ্ট্রপতিজনক চৰ মাৰি জনৈক যুৱকে ‘মেক্র’ নিপাত যাওক’ বুলি শ্ল’গান দিছিল। অপ্রীতিকৰ ঘটনাটোত মেক্র’ বিব্রত হলেও তেওঁ পৰিস্থিতি চম্ভালি ল’বলৈ সফল হৈছিল।

অৱশ্যে মেক্র’ৰ স’তে থকা নিৰাপত্তাৰক্ষীয়ে আক্রমণকাৰী যুৱকজনক তৎপৰতাৰে আটক কৰে। এই ঘটনাত জড়িত থকাৰ অভিযােগত ইতিমধ্যে দুজন লােকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে। উল্লেখ্য যে ২০১৭ৰ মাৰ্চত পেৰিছত আয়ােজিত এখন কৃষি প্রদর্শনীত এজন বিক্ষোভকাৰীয়ে মেক্র’ক কণী দলিয়াই আক্রমণ কৰিছিল। ২০১৬ তাে এদল ক্ষুব্ধ লােকে ৰাষ্ট্রপতিজনলৈ কণী দলিয়াইছিল।

Exit mobile version