ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত বছৰ বছৰ ধৰি একেখন চকী খামুচি ধৰি ৰাখিছে জ্যেষ্ঠ সহায়িকা সাহিদাই

dcoffice

ৰাজ্যত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ড° হিমন্ত বিশ্ব শৰ্মা । ছিণ্ডিকেট আৰু দুৰ্নীতি বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ আন আন জিলাৰ লগতে ধুবুৰী জিলাৰ প্ৰশাসনীয় বিষয়াসকলক সলনি কৰি নতুনকৈ নিযুক্তি প্ৰদান কৰা হৈছে প্ৰশাসনিক বিষয়াক ।

বদলিকৰণৰ যেন ধুমুহা বৈ থকা সময়ত ধুবুৰীত একাংশই বছৰ বছৰ ধৰি খামুচি ধৰি ৰাখিছে নিজৰ চকীখন । চাকৰিত যোগদান কৰাৰ পাছৰ পৰাই একেটা কাৰ্য্যালয়ত কটাইছে প্ৰায় ডেৰটা দশক । উল্লেখ্য যে, ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত বছৰ বছৰ ধৰি একেটা কাৰ্য্যালয়ত নিযুক্ত হৈ থকাৰ সুবাদতে একাংশ বিষয়া কৰ্মচাৰী মিলি বিভিন্ন কামৰ বাবদ মোটা অংকৰ ধন সংগ্ৰহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

উপায়ুক্তৰ কাৰ্য্যালয়ৰ একাংশ অতিৰিক্ত উপায়ুক্ত আৰু আন একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি দীর্ঘদিনে এক ছিণ্ডিকেট গঢ়ি তুলিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । তেনে সময়তে জিলা উপায়ুক্তৰ কাৰ্য্যালয়টোৰ আৰ কে জি ব্ৰাঞ্চৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়িকা সাহিদা বেগমৰ বিৰুদ্ধে উত্থাপন হৈছে কিছু গুৰুতৰ অভিযোগ ।

তথ্য অনুসৰি সুদীৰ্ঘ প্ৰায় ১৫ বছৰৰ পৰা ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ আৰ কে জি ব্ৰাঞ্চৰ দৰে অতি গুৰুত্বপূৰ্ণ শাখাত ভাৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়িকা পদত নিযুক্ত হৈ আছে সাহিদা বেগম নামৰ এগৰাকী মহিলা । অভিযোগ উত্থাপন কৰা মতে, জিলা উপায়ুক্তৰ কাৰ্য্যালয় আৰু ধুবুৰী জিলাৰ কে’বাখনো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ বিভিন্ন কৰ্মচাৰী, লাট মণ্ডল, কাননগো আদিকে ধৰি বিভিন্ন কৰ্মচাৰীৰ বদলিৰ ফাইল জিলা উপায়ুক্তৰ ওচৰলৈ নি উপায়ুক্তৰ চহী কৰোৱাৰ নামত সাহিদাই সংগ্ৰহ কৰিছে মোটা অংকৰ ধন।

আনহাতে, মাটিৰ চিতাকপি, মাটিৰ নকল কপি, মাটি কিনা বেচাৰ অনুমতিৰ ফাইল চহী কৰোৱা, মাটিৰ ৰেকৰ্ড সংশোধনৰ নামত বৃহৎ ধন সংগ্ৰহ কৰি গৈছে । ইপিনে সাহিদা বেগমক এই ছিণ্ডিকেটত পৰোক্ষ আৰু প্ৰত্যক্ষ ভাবে সহযোগ কৰি গৈছে কাৰ্য্যালয়টোৰ প্ৰচেচ চাৰ্ভাৰ আনোৱাৰ নামৰ কৰ্মচাৰীজনে ।

ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ একাংশ অতিৰিক্ত উপায়ুক্তৰ স’তে মিলি একাংশ কৰ্মচাৰী আৰু দাদাল শ্ৰেণীৰ লোকে মিনি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত গঢ়ি তুলিছে বৃহৎ ছিণ্ডিকেট । বিভিন্ন কামৰ বাবদ মোটা অংকৰ ধন সংগ্ৰহ কৰি ছিণ্ডিকেট চক্ৰৰ মাজত ভাগ বটৰা কৰা হৈছে।

ইপিনে সাহিদাৰ বিৰুদ্ধে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছত তেওঁক কোনেও লোম এডাল লৰাব নোৱাৰে বুলিও সাহিদাই দম্ভালি মাৰি ফুৰে কাৰ্য্যালয়ত । উল্লেখ্য যে, ৰাজ্যত প্ৰশাসনিক দিশত চৰকাৰে বৃহৎ ৰদ বদল কৰি অহাৰ সময়তে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত বছৰ বছৰে নিযুক্ত হৈ আছে বহু বিষয়া কৰ্মচাৰী।

প্ৰশ্ন হয় ৰাজ্যৰ প্ৰশাসনত ব্যপক ৰদ বদল চলি থকাৰ সময়তে ধুবুৰীৰ উপায়ুক্ত কাৰ্য্যালয়ত বছৰ বছৰে নিযুক্ত হৈ থকা জ্যেষ্ঠ সহায়িকাগৰাকীক বদলিকৰণৰ ক্ষেত্ৰৰ কিবা চিন্তা কৰিব নে জিলা প্ৰশাসন বা চৰকাৰে ? সেয়াই এক উত্তৰবিহীন প্ৰশ্ন।

Exit mobile version