প্রেমতাে জালিয়াতি : প্রেমিকাক নকল হীৰাৰ আঙঠি-ব্রেচলেট উপহাৰ দিছিল মেহুল চকছিয়ে

তেওঁ মেহুল চকছিৰ প্রেমিকা নহয়। আর্থিক জালিয়াতিত অভিযুক্তৰ তথাকথিত অপহৰণতাে তেওঁৰ কোনাে হাত নাই। এইদৰে দাবী কৰিলে বাৰবাৰা জাৰাবিকাই।

কেৱল এয়াই নহয়, বাৰবাৰাই দাবী কৰা মতে, তেওঁৰ পৰা নিজৰ প্রকৃত পৰিচয় গােপন কৰিছিল চকছিয়ে। কে’বাটাও নকল হীৰাৰ আঙঠি আৰু ব্রেচলেট বাৰবাৰাক উপহাৰ দিছিল এইজন ভাৰতীয় মূলৰ পলাতক বিত্তীয় প্ৰৱঞ্চকে।

যােৱা মাহত চকছিৰ গ্ৰেপ্তাৰৰ পাছতে বাৰবাৰাৰ নাম চৰ্চিত হৈছিল। এক মহলে বাৰবাৰা চকছিৰ প্রেমিকা বুলি দাবী কৰিছিল। চলছিৰ অপহৰণতাে বাৰবাৰাৰ হাত থকা বুলি সন্দেহ কৰা হৈছিল।

কিন্তু ইণ্ডিয়া টুডে’ৰ এক সাক্ষাৎকাৰত বাৰবাৰাই এনে অভিযােগ অস্বীকাৰ কৰি কয়, মই চকছিৰ বন্ধু আছিলাে। চকছিয়ে নিজৰ নাম মােক ৰাজ বুলি কৈছিল। কোনেও মােৰ স’তে চকছিৰ অপহৰণৰ বাবে যােগাযােগ কৰা নাছিল।

কে’বা সপ্তাহ পূর্বে মই চকছিৰ প্রকৃত নাম জনা নাছিলাে। তেওঁ মােৰ স’তে বন্ধুত্ব গঢ়িছিল আৰু মােক হীৰাৰ আঙঠি আৰু ব্ৰেচলেট উপহাৰ দিছিল। পাছত মই সেইসমূহ অলংকাৰ নকল বুলি জানিব পাৰিছিলাে।

মই স্পষ্ট কৰি দিব বিচাৰাে যে মই চকছিৰ প্রেমিকা নহয়। মােৰ নিজস্ব আয়ৰ উৎস আৰু ব্যৱসায় আছে। মােক নগদ অর্থ বা সহায়ৰ, হােটেল বুকিং বা নকল গহনাৰ প্ৰয়ােজন নাছিল।

Exit mobile version