পৰিয়ালৰ কোনো সদস্য ক’ভিডত আক্ৰান্ত হলে ১৫ দিন এছচিএল পাব কেন্দ্ৰীয় চৰকাৰী কৰ্মীসকলে

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক বিশেষ নৈমিত্তিক ছুটি (এছচিএল)বা বিশেষ ছুটি প্ৰদান কৰিছে চৰকাৰে । কৰ্মচাৰী মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা এক নিৰ্দেশনাত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কোনো কৰ্মচাৰীৰ পিতৃ মাতৃ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকল কৰ’নাত সংক্ৰমিত হলে ১৫ দিনৰ বাবে এছচিএল ল’ব পাৰে।

নিৰ্দেশনাৱলীত কোৱা হৈছে যে ক’ভিড চিকিৎসা, চিকিৎসালয়ত ভৰ্তি হোৱা আৰু হোম কোৱাৰেন্টাইন সংক্ৰান্ত কে’বাটাও অনুৰোধ মন্ত্ৰালয়লৈ আহিছে। চৰকাৰী কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাবোৰ বিবেচনা কৰি সিদ্ধান্তটো লোৱা হৈছে।

যদি এছ.চি.এল. সমাপ্ত হয়, অৰ্থাৎ ১৫ দিনৰ ছুটিৰ পাছত, যদি কৰ্মচাৰীৰ পৰিয়ালৰ কোনো লোক ক’ভিডত সংক্ৰমিত হয় বা চিকিৎসালয়ত ভৰ্তি হয়, তেন্তে ছুটিৰ ম্যাদ বৃদ্ধি কৰা হ’ব।

লগতে কোৱা হৈছে যে যদি কোনো কৰ্মচাৰী দেহত ক’ভিড পজিটিভ ধৰা পৰা পাছত তেওঁ হোম কোৱাৰেন্টাইন হৈ থাকে বা তেওঁক যদি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় তেতিয়াহলে ক’ভিড পজিটিভ হোৱাৰ দিনৰ পৰা ২০ দিনৰ বাবে যোগাযোগ কৰা ছুটি বা এছচিএল বা আৰ্ণ ছুটি মঞ্জুৰ কৰা হ’ব।

যদি তেওঁ ক’ভিড পজিটিভ ৰোগত আক্ৰান্ত হোৱাৰ দিনৰ পৰা ২০ দিনতকৈ অধিক সময় চিকিৎসালয়ত থাকিব লগা হয়, তেন্তে তেওঁ চিকিৎসালয়ত ভৰ্তি হোৱা নথিপত্ৰবোৰ দেখুৱাব লাগিব।

Exit mobile version