বাচমতি চাউলৰ স্বত্ব কাৰ : যুঁজ ভাৰত আৰু পাকিস্তানৰ

3003786aee6353ea989827273b18afb5ebf386a0 1623051168 ca904302 960x640 1

বাচমতি চাউল অবিহনে পােলাও বা বিৰিয়ানিৰ কথা কল্পনা কৰিব নােৱাৰি। এই বাচমতি চাউলক লৈয়ে এক শীতল যুদ্ধত অৱতীৰ্ণ হৈছে ভাৰত আৰু পাকিস্তান। প্রতিবেশী দুই দেশে এইবাৰ সংঘর্ষ আৰম্ভ কৰিছে বাচমতি চাউলৰ স্বত্বক লৈ।

বাচমতি চাউলৰ বিশেষ ট্রেডমার্ক বিচাৰি ইউৰােপীয় সংঘক আবেদন জনাইছে ভাৰতে। এই প্রসংগত পাকিস্তানৰ দ্বিতীয় বৃহত্তম চহৰ লাহােৰৰ এটা চাউলৰ মিলৰ স্বত্বাধিকাৰী গুলাম মুর্তজাই প্রতিক্রিয়া প্রকাশ কৰি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়, ‘এয়া আমাৰ ওপৰত পৰমাণু বােমা নিক্ষেপ কৰাৰ দৰে ঘটনা।

বিশ্বত চাউল ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত প্রথম স্থানত আৰু পাকিস্তান চতুর্থ স্থানত আছে। ভাৰত আৰু পাকিস্তান এই দুই দেশে সমগ্র বিশ্বলৈ বাচমতি চাউল ৰপ্তানি কৰি আহিছে।

ইউৰােপীয় ইউনিয়নত ভাৰতে বাচমতি চাউলৰ পি জি আইৰ বাবে আবেদন জনােৱাৰ পাছতে পাকিস্তানে এই পদক্ষেপৰ তীব্ৰ বিৰােধিতা কৰিছে। পাকিস্তানে দাবী কৰি কৈছে যে বাচমতি চাউল কেতিয়াও ভাৰতৰ একক স্বত্বৰ সম্পদ হ’ব নােৱাৰে, এই চাউল হৈছে ভাৰত আৰু পাকিস্তানৰ এক যৌথ পণ্য।

পাকিস্তানে বিশ্বৰ বিভিন্ন দেশলৈ বছৰি পাঁচ-সাত লাখ টন বাচমতি চাউল ৰপ্তানি কৰি আহিছে।

Exit mobile version