সুশান্তৰ পিতৃৰ আবেদন খাৰিজ আদালতত, অভিনেতাৰ জীৱনী চিত্ৰ মুক্তিত বাধা নাই

sushant singh rajput 640

যোৱা বছৰৰ ১৪ জুনত নিজৰ ফ্লেটত আত্মহত্যা কৰা মৃতদেহ উদ্ধাৰ হৈছিল প্ৰয়াত জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ । তেতিয়াৰ পৰাই বহুতো বিতৰ্ক ওলাই আহিছে।

এই মৃত্যু হত্যা নে আত্মহত্যা তাক লৈও যথেষ্ট হুলস্থূল হৈছে । সুশান্তৰ জীৱনক লৈ বলীউডত একাধিক চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ খবৰো পোৱা গৈছে । এনেদৰেই, ১১ জুন, ২০২১ তাৰিখে ‘ন্যায়: দ্য জাষ্টিচ’ (ন্যায়া: দ্য জাষ্টিচ) নামৰ এখন চলচ্চিত্ৰ মুক্তি পোৱাৰ কথা ।

কিন্তু এই ছবিৰ বিৰোধিতা কৰি আদালতত আবেদন দাখিল কৰে অভিনেতা সুশান্তৰ পিতৃ কৃষ্ণ কিশোৰ সিঙে । কিন্তু দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে আবেদনখন খাৰিজ কৰে । এই ছবিখন সুশান্তৰ জীৱনৰ ওপৰত আধাৰিত।

সুশান্তৰ পিতৃ কে কে সিঙে আদালতত দাবী কৰিছিল যে, ছবিখন পৰিয়ালৰ কোনো সন্মতি অবিহনে দৃশ্যগ্ৰহণ কৰা হৈছে। চলচ্চিত্ৰখনত আনকি সুশান্তক আত্মহত্যা কৰা দেখুওৱা হৈছে যিটো পৰিয়ালে অতিৰঞ্জিত বুলি ভাবে।

যিহেতু সুশান্তৰ গোচৰ এতিয়াও বিচাৰধীন হৈ আছে সেই বাবে এই ছবিৰ মুক্তিত যাতে নিষেধাজ্ঞা দিয়া হয় বুলি আবেদন কৰিছিল সুশান্তৰ পিতৃয়ে । কিন্তু সেই আৱেদনখন খাৰিজ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জীৱ নাৰুলাই ।

প্ৰযোজক আৰু পৰিচালকৰ অধিবক্তা এ পি সিঙে আদালতৰ সিদ্ধান্তত উৎসাহিত হৈছে। তেওঁৰ কথাত, ‘আদালতৰ এই পদক্ষেপ লোৱাটো আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয়। আজি আমি জিকিলো। এই বিজয় কেৱল মোৰ নহয়। এই বিজয় হৈছে সকলো প্ৰযোজক আৰু পৰিচালক যিয়ে সমাজক পথ প্ৰদৰ্শন কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। ‘

ইয়াৰ উপৰিও ‘ন্যায়: দ্য জাষ্টিচ’ৰ উপৰিও বলীউডত সুশান্তক লৈ কেবাখনো চলচ্চিত্ৰৰ পৰিকল্পনা কৰা হৈছে। ‘আত্মহত্যা বা হত্যা’, ‘এ ষ্টাৰ ৱাজ লষ্ট’, ‘শশাংক’ ।

Exit mobile version