কংগ্ৰেছতকৈ পাঁচগুণ অধিক বৰঙণি লাভ বিজেপিৰ

unnamed 3

বিজেপিয়ে ২০১৪ত কেন্দ্ৰৰ ক্ষমতা দখল কৰিছিল। বর্তমানলৈকে বিজেপিয়ে কৰ্প’ৰেট আৰু ব্যক্তিগত বৰঙণি লাভৰ ক্ষেত্ৰত ৰাজনৈতিক দল হিচাপে শীর্ষত আছে। নির্বাচন আয়ােগক দলটোৱে দাখিল কৰা প্রতিবেদনত উল্লেখ কৰা মতে,২০১৯-২০ বিত্তীয় বর্ষত বিজেপিয়ে দেশৰ বিভিন্ন কোম্পানী আৰু ব্যক্তিৰ পৰা প্রায় ৭৫০ কোটি টকাৰ চান্দা লাভ কৰিছিল।

বিজেপিৰ বৰঙণি লাভৰ পৰিমাণ কংগ্রেছৰ তুলনাত পাঁচগুণ অধিক।কংগ্ৰেছ দলে ২০১৯-২০ বিত্তীয় বৰ্ষত লাভ কৰিছিল ১৩৯ কোটি টকাৰ চান্দা। এই সময়ছােৱাত এন চি পিয়ে ৫৯ কোটি টকা, তৃণমূল কংগ্ৰেছে আঠ কোটি টকা, চি পি এমে ১৯.৬ কোটি টকা আৰু চি পি আয়ে ১.৯ কোটি টকাৰ চান্দা বিভিন্ন ব্যক্তি-সংগঠনৰ পৰা লাভ কৰিছিল।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ প্রতিবেদনৰ তথ্য অনুসৰি,বিজেপিক চান্দা আদায় দিয়া ব্যক্তি-প্রতিষ্ঠানৰ ভিতৰত সাংসদ ৰাজীৱ চন্দ্ৰশেখৰৰ জুপিটাৰ কেপিটেল, আই টি চি গ্রুপ, ৰিয়েল এষ্টেট কোম্পানী মেক্র’টেক ডেভেলপাৰ্ছ আদিৰ নাম উল্লেখযােগ্য। বিজেপিয়ে পুডেন্ট ইলেকট্র’ৰেল ন্যাসৰ পৰা ২১৭.৭৫ কোটি টকাৰ বৰঙণি লাভ কৰিছিল।

তদুপৰি ৰাজনৈতিক দলটোৱে জনকল্যাণ ইলেকট্র’ৰেল ন্যাসৰ পৰা ৪৫.৯৫ কোটি টকা, জুপিটাৰ কেপিটেলৰ পৰা ১৫ কোটি টকা, আই টি চিৰ পৰা ৭৬ কোটি টকা, মেক্র’টেক ডেভেলপাছৰ পৰা ২১ কোটি টকা, গুলমার্গ ডেভেলপাৰ্ছৰ পৰা ২০ কোটি টকাৰ চান্দা লাভ কৰিছিল। দেশৰ ১৪ খন উচ্চ শিক্ষানুষ্ঠানেও বিজেপিক ২০১৯-২০ বিত্তীয় বৰ্ষত বৃহৎ পৰিমাণৰ চান্দা আদায় দিছিল।

মেৱাৰ বিশ্ববিদ্যালয়, কৃষ্ণা ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং, জি ডি গােৱেংকা ইণ্টাৰনেচনেল স্কুল, পথানিয়া পাব্লিক স্কুল, লিটিল হার্টছ কনভেন্ট স্কুল, এলেন কেৰিয়াৰ আদি প্রতিষ্ঠানে বিজেপিক চান্দা দিছিল।

Exit mobile version