দুৰাৰোগ্য ৰোগত আক্ৰান্ত পৰিয়াল একমাত্ৰ উপাৰ্জনকাৰী, উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালটোৱে

Screenshot 20210611 140300 com.huawei.himovie.overseas

ধুবুৰীৰ এটা পৰিয়াল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এতিয়া অসহায়। নিজে দুৰাৰোগ্য ৰোগত আক্ৰান্ত। ফলত উপাৰ্জনহীন হৈ পৰা পৰিয়ালটোলৈ নামি আহিছে এতিয়া অন্ধকাৰ।

ধুবুৰী বিধান সভাৰ দুৰাহাটীৰ ব্যক্তিজনৰ নাম ৰফিকুল ইছলাম। দিন হাজিৰা কৰি পৰিয়ালক পোহপাল দি আহিছিল ৰফিকুলে। কিন্ত বৰ্তমান ক’ভিড সংকটৰ মাজতে পৰিয়ালটোলৈ নামি আহিল কাল অমানিশা।

অন্ধকাৰত বুৰ যাবলৈ ধৰিছে পৰিয়ালটোৰ ভৱিষ্যৎ। সম্প্ৰতি পত্নী আৰু চাৰিগৰাকী জীয়েক সহ পাঁচ জনীয়া পৰিয়ালটো লৈ চিন্তাত পৰিছে ৰফিকুল ইছলাম।

এসাঁজ খাই এসাঁজ নাখাই অসহায় পৰিয়ালটোৱে কটাইছে দিন ৰাতি। ৰফিকুল ইছলাম নামৰ এইজন অসহায় ব্যক্তি দীৰ্ঘদিন ধৰি বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি মৃত্যুৰ স’তে যুঁজিবলৈ আৰম্ভ কৰিছে।

ৰফিকুলে চিকিৎসাৰ নামত বিক্রী কৰিবলগীয়া হ’ল নিজৰ মাটি ভেটি । এতিয়া পৰিয়ালক পোহপাল দিয়াৰ দূৰৰে কথা নিজৰ চিকিৎসাৰ বাবে যোগাব পৰা নাই ধন।

সেয়েহে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ ওচৰত সহায় বিচাৰিছে ৰফিকুল ইছলামে।

ৰফিকুল ইছলাম
গাওঁ- দুৰাহাটী
পো- তিস্তাৰপাৰ
জিলা- ধুবুৰী (অসম)
A/C – 38327611623
IFSC- SBIN0004569

Exit mobile version