বিবাহ সন্দৰ্ভত সংসদত ভুল তথ্য দি বিপদত তৃণমূল সাংসদ নুছৰত

978596 nusrat jahan 2

তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ বিৰুদ্ধে নিজৰ বৈবাহিক জীৱন সন্দৰ্ভত সংসদত অসত্য তথ্য প্রদানৰ গুৰুতৰ অভিযােগ উত্থাপিত হ’ল।

লােকসভাত সাংসদ হিচাপে শপত লােৱাৰ সময়ত বছিৰহাটৰ সাংসদগৰাকীয়ে নিজৰ পৰিচয় নুছৰত জাহান ৰুহী জৈন বুলি দিছিল। লােকসভাৰ ৱেবছাইটতাে অভিনেত্রী- সাংসদগৰাকীৰ স্বামীৰ নাম নিখিল জৈন বুলি উল্লেখ আছে।

কিন্তু শেহতীয়াভাৱে এক বিবৃতিত নুছৰতে তেওঁৰ বৈবাহিক জীৱনক লৈ উত্থাপিত এক বিতৰ্কৰ প্ৰসংগত ঘােষণা কৰি কৈছিল যে নিখিলৰ স’তে তেওঁৰ কোনাে বিবাহ সম্পন্ন হােৱা নাছিল। “নিখিলৰ স’তে মই সহবাস কৰিছিলাে। বিবাহ নহয়। “

ফলত বিবাহ বিচ্ছেদৰ প্রশ্ন উত্থাপিত নহয়। নুছৰতে এইদৰে বুধবাৰে ঘােষণা কৰিছিল। সাংসদগৰাকীৰ এই স্বীকাৰােক্তিৰ পাছতে বিজেপিৰ তথ্য প্রযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় মুৰব্বী অমিত মালব্যই প্রতিক্রিয়া প্ৰকাশ কৰি কয়, তৃণমূল সাংসদ নুছৰত জাহান ৰুহী জৈনৰ ব্যক্তিগত জীৱন, তেওঁ তাক বিয়া কৰাইছে,কাৰ স’তে লিভ ইন কৰিছে সেই সন্দৰ্ভত আমাৰ ক’ব লগা নাই।

তেওঁ এগৰাকী নির্বাচিত জনপ্রতিনিধি আৰু সংসদত লিপিবদ্ধ তথ্য অনুসৰি, তেওঁ নিখিল জৈনক বিয়া কৰাইছিল। তেন্তে তেওঁ সংসদক অসত্য তথ্য দাখিল কৰিছিল নেকি?

Exit mobile version