স্বাস্থ্য কৰ্মী কঢ়িওৱা বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতিয় টেবলেট-সামগ্ৰী, এজনক গ্ৰেপ্তাৰ

WhatsApp Image 2021 06 11 at 1.51.54 PM 2

স্বাস্থ্য কৰ্মী কঢ়িওৱা বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ নিচাজাতিয় টেবলেট, সামগ্ৰীৰ স’তে গ্ৰেপ্তাৰ কৰে মনসেৰ আলী নামৰ এজন যুৱকক ।

সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰীতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। ধুবুৰী আৰক্ষী যিমানেই কঠোৰ হৈছে ড্ৰাগছ ব্যৱসায়ী সকলেও অৱলম্বন কৰিছে ন ন কৌশল।

এইবাৰ ক’ভিডত কৰ্মৰত স্বাস্থ্য কৰ্মী অনা নিয়া কৰা গাড়ীত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ। হালাকুৰাৰ পৰা AS 17 C 2571 নম্বৰৰ গাড়ীখন ক’ভিড কৰ্মী গৌৰীপুৰ অভিমুখে আহি থকা অৱস্থাত বালাজান আৰক্ষীয়ে গাড়ীখনত তালাচী চলায় ।

বালাজান আৰক্ষীৰ তালাচীত বৃহৎ পৰিমাণৰ নিচাজাতিও টেবলেট উদ্ধাৰ হোৱাৰ লগতে গ্ৰেপ্তাৰ কৰে মনসেৰ আলীক।

Exit mobile version