হায়দৰাবাদৰ ব্যৱসায়ীয়ে ক্ৰয় কৰিলে দেশৰ সবাতােকৈ দামী গাড়ীখন

1623141693 rolls royce cullinan black badge

হায়দৰাবাদৰ এজন ব্যৱসায়ীয়ে ক্রয় কৰিলে দেশৰ ভিতৰতে সর্বাধিক মূল্যৰ ব্যক্তিগত গাড়ী। ব্রিটিছ গাড়ী নির্মাতা কোম্পানী ৰ’লছ ৰয়েচে যােৱা বছৰত ভাৰতীয় বজাৰত কোম্পানীটোৰ সবাতােকৈ অধিক মূল্যৰ এছ ইউ ভি কালিনান ব্লেক বেজ মডেলৰ গাড়ীখন মুকলি কৰিছিল।

ADVERTISEMENT

এইখন এছ ইউ ভি গাড়ী ক্রয় কৰিলে হায়দৰাবাদ নিবাসী ব্যৱসায়ী নছিৰ খানে। সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি, ৰ’লছ ৰয়েচৰ এইখন বিলাসী গাড়ীৰ মূল্য হৈছে ১০ কোটি টকা। ২০১৬ত বিশ্বৰ অন্যতম বিলাসী গাড়ী হিচাপে পৰিচিত ব্লেক বেজৰ মডেল প্রথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হৈছিল জেনেভা মটৰ প্রদর্শনীত।

Exit mobile version