ভাওঁৰাগুৰী, তুলসীবিলত ১৮ উৰ্ধৰ ব্যক্তিক কভিড ভেকচিন প্ৰদানৰ ব্যবস্থা

1 5

ৰাজ্যৰ চহৰবোৰৰ লগতে গ্ৰাম্যঞ্চলতো কভিডে সংহাৰী ৰূপ ধাৰন কৰিছে।তাৰ পৰিপেক্ষিত্বত ৰাজ্য চৰকাৰে গ্ৰাম্যঞ্চলত কভিড ভেকচিন প্ৰদান কৰাৰ লগতে কভিড পৰীক্ষা কৰাৰ ব্যৱস্থা হাতত লৈছে। সেইমৰ্মে গোসাঁইগাওঁৰ ভিন্ন গ্ৰাম্যঞ্চলত ১৮ উৰ্ধৰ ব্যক্তিক কভিড ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হৈছে।সমান্তৰাল কৈ গোসাঁইগাওঁ মহকুমাৰ অন্তৰ্গত ভাওঁৰাগুৰী মধ্য ইংৰাজী বিদ্যালয়, তুলসীবিল জয়পুৰৰ ৰামনাথ ক্লাৱত আজি ১৮ উৰ্ধৰ ব্যক্তিসকলৰ বাবে কভিড ভেকচিনৰ ব্যবস্থা কৰা হয়। ৰাতিপুৱা ৯ বজাৰ পৰা কভিড ভেকচিন প্ৰদান আৰম্ভ হয়। জানিব পৰা মতে ভাওঁৰাগুৰী আৰু তুলসীবিল অঞ্চলৰ ৰাইজে কভিড টেষ্টৰ আৰু কভিড ভেকচিন প্ৰদানৰ প্ৰতি যথেষ্ট সহাৰি জনাইছে।
ভাওঁৰাগুৰীত কভিড ভেকচিন প্ৰদান কেন্দ্রটোত কভিড টেষ্ট কৰাত এজন লোকৰ দেহত কভিড পজিটিভ ধৰা পৰে আৰু ৰোগীজনক ততাতৈয়াকৈ ছেৰফানগুৰীৰ কভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ADVERTISEMENT
Exit mobile version