ক’ভিড সদৃশ নতুন কৰ’না ভাইৰাছৰ সন্ধান পোৱা গৈছে বাদুলিৰ দেহত, দাবী চীনৰ গৱেষকসকলৰ

031221 eg cv origins feat 1030x580 1

বাদুলিৰ দেহত ক’ভিড-১৯ৰ জিনগত সাদৃশ্য থকা কৰ’নাভাইৰাছৰ এটা প্ৰজাতিৰ সন্ধান পোৱা গৈছে । সম্প্ৰতি চেল নামে এক গৱেষণাপত্ৰত এই দাবী কৰিলে চীনে । চীনৰ গৱেষকসকলে দাবী কৰে যে, চীনৰ ইউনান প্ৰদেশত বাদুলিৰ দেহত কৰ’নাভাইৰাছৰ একাধিক প্ৰজাতিৰ সন্ধান পোৱা গৈছে । ইয়াৰ ভিতৰত ‘ৰাইন’ল’ফাছ পাছিলাছ’ ভাইৰাছৰ স’তে ক’ভিড-১৯ৰ জিনৰ প্ৰভূত সামঞ্জস্য আছে ।

চীনৰ গৱেষকসকলে জনায়, ২০১৯ৰ পৰা ২০২০ পৰ্যন্ত তেওঁলোকে ইউনান প্ৰদেশত বিচৰণকাৰী একাধিক বাদুলিৰ দেহৰ পৰা নমুনা সংগ্ৰহ কৰিছিল । ইয়াৰ ভিতৰত বাদুলিৰ মলদ্বাৰৰ পৰা ২৮৩ টা, লেলাৱতিৰ পৰা ১০৯টা আৰু মূত্ৰৰ পৰা ১৯টা নমুনা সংগ্ৰহ কৰা হৈছিল ।

গৱেষকসকলৰ প্ৰতিবেদনত লিখা হৈছে, বিভিন্ন প্ৰজাতিৰ বাদুলিৰ দেহৰ পৰা আমি ২৪ বিধ ন’ভেল কৰ’নাভাইৰাছৰ জিনম সংগ্ৰহ কৰিছো । ইয়াৰে চাৰিবিধৰ স’তে ছাৰ্ছ-ক’ভ-২ৰ দৰে কৰ’নাভাইৰাছৰ মিল আছে । বেছিভাগ সাদৃশ্য পোৱা গৈছে ‘ৰাইন’ল’ফাছ পাছিলাছ’ৰ স’তে । গৱেষকসকলৰ অনুসৰি, জিনগতভাৱে এই ভাইৰাছৰ ক’ভিডৰ স’তে মিল আছে । তেওঁলোকে লিখে, ‘এইটো ‘ৰাইন’ল’ফাছ পাছিলাছ’ ছাৰ্ছ-ক’ভ-২ৰ সমীপৱৰ্তী প্ৰজাতি হ’ব । কেৱল ইয়াৰ স্পাইক প্ৰ’টিনৰ গঠনটো কিছু বেলেগ ।’

কৰ’নাৰ উৎস বিচাৰি আমেৰিকা, জাৰ্মানীসহ বিশ্বৰ একাধিক দেশে চীনকেই আঙুলি তোৱাইছে ।

Exit mobile version