টকিঅ’ অলিম্পিক্সত স্থান লাভ কৰিলে ভাৰোত্তোলক মীৰাবাই চানুৱে

competes australia australia weightlifting mouhtaropoulos commonwealth saikhom 5e3c18c0 8cf0 11ea bfc8 a8b22bcdbb5c 1623566290051

টকিঅ’ অলিম্পিক্সত নিজৰ স্থান বনালে মীৰাবাই চানুৱে । শনিবাৰে ৪৯ কেজি বিভাগৰ ভাৰোত্তোলকগৰাকীয়ে অলিম্পিক্সত খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰিলে ।

২০১৭ত বিশ্বকাপ জয় কৰিছিল চানুৱে । তেওঁ ৪৯ কিলোগ্ৰাম বিভাগত এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ জয় কৰিছিল । সম্প্ৰতি ভাৰোত্তোলকসকলৰ বিশ্ব ক্ৰমতালিকাত দ্বিতীয় স্থানত চানু । স্প’ৰ্টছ অথ’ৰিটী অৱ ইণ্ডিয়া (ছাই)য়ে টুইট কৰি তেওঁক শুভেচ্ছা জনায় । টুইটত লিখে, ‘টকিঅ’ অলিম্পিক্সত যোগ্যতা অৰ্জন কৰাৰ বাবে মীৰাবাই চানুক শুভেচ্ছা । ভাৰোত্তোনৰ ক্ৰমতালিকাত তেওঁ দ্বিতীয় স্থানত আছে ।’

ক্ৰমতালিকাত দ্বিতীয় স্থান লাভ কৰাৰ বাবেই যোগ্যতা অৰ্জন কৰিছে চানুৱে । ৰিঅ’ অলিম্পিক্সতো অংশগ্ৰহণ কৰিছিল চানুৱে । কিন্তু সেইবাৰ কোনো ওজন দাঙিব পৰা নাছিল তেওঁ । এইবাৰ পুনৰ সুযোগ লাভ কৰিছে ।

Exit mobile version