তলাবন্ধৰ ফলত ধানবাদত অর্ধেকাংশ হ্রাস পালে বায়ু-জল প্রদূষণ

dadc8b84 1c82 443b 9a07 200b7bbbd9a0

তলাবন্ধৰ ফলত দেশৰ বৃহৎ আর্থিক ক্ষতিৰ লগতে সর্বসাধাৰণ লােকে সকলাে দিশতে সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।

কিন্তু এই তলাবন্ধই কিছুমান দিশত ইতিবাচক প্রভাৱে পেলাইছে। দেশৰ সর্বাধিক প্ৰদূষিত ধানবাদ চহৰত বিগত দুমাহত প্ৰদূষণৰ প্রকোপ অর্ধেকাংশ হ্রাস পালে।

প্ৰদূষণ বিষয়ক এক অধ্যয়নত গৱেষকে দাবী কৰা মতে, তলাবন্ধৰ সময়ছােৱাত ধানবাদত বায়ু প্ৰদূষণৰ লগতে জল প্ৰদূষণাে যথেষ্ট হ্রাস পাইছে।

ধানবাদ এখন উদ্যোগ আৰু খনিপ্রধান চহৰ। ফলত এই চহৰত প্ৰদূষণৰ প্রকোপ বিগত সময়ছােৱাত যথেষ্ট বৃদ্ধি পাইছিল। কিন্তু তলাবন্ধত কয়লা খনিসহ বিভিন্ন খনি, উদ্যোগ, কাৰখানা বন্ধ থকাৰ ফলত ঔদ্যোগিক চহৰখনৰ বায়ু আৰু জল প্রদূষণ বহুখিনি হ্রাস পায়।

গৱেষকে চলােৱা অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, বিগত দুমাহৰ তলাবন্ধত ধানবাদত প্ৰদূষণৰ পৰিমাণ অর্ধেকাংশ হ্রাস পালে।

Exit mobile version